নলবাৰী, ২০ জুলাই : মুকলিমুৰীয়া পৰিৱেশত পুনৰ ন উদ্যমেৰে ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰি আখৰাৰ বাবে সাজু হৈ উঠিছে নলবাৰীৰ বৰদৈচিলা থিয়েটাৰ । অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল বৰদৈচিলা থিয়েটাৰ পুনৰ সাজু হৈছে দৰ্শকক মনোৰঞ্জন দিবলৈ । শুকুৰবাৰে নিশা নলবাৰী জিলাৰ পূৱ বনগাঁওস্থিত বৰদৈচিলা থিয়েটাৰৰ স্থায়ী আখৰা শিবিৰত আৰম্ভ হ'ল বৰদৈচিলা থিয়েটাৰৰ ২৭ সংখ্যক নাট্যবৰ্ষৰ নাট্য যাত্ৰা ।
নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰৰ শুকুৰবাৰে শুভ মহুৰত কৰা হয় । পূৱ বনগাঁৱত থকা স্থায়ী আখৰা শিবিৰত ফিটা কাটি আখৰা শিবিৰ মুকলি কৰে সাংস্কৃতিক কৰ্মী তথা নাট্যকাৰ সতীশ দাসে আৰু নাৰিকল ভাঙি থিয়েটাৰখনৰ আনুষ্ঠানিকভাৱে শুভ মহুৰত কৰে বিশিষ্ট নাট্যকাৰ শ্যামসূন্দৰ জালানে । গ্লেমাৰ শিল্পীৰ পৰিৱৰ্তে মঞ্চ জগতৰেই ন-পুৰণি শিল্পীৰ সমাহাৰেৰে আখৰাৰ বাবে সাজু হৈ উঠিছে বৰদৈচিলা থিয়েটাৰ ।