অসম

assam

ETV Bharat / entertainment

নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ: শীতৰ আমেজত ৰঙীন জ্যোতি চিত্ৰবন - BRAHMAPUTRA VALLEY FILM FESTIVAL

চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভণি হ'ল নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ ৷ প্ৰদৰ্শন কৰা হ’ব ৩০খন ছবি ।

The 9th Brahmaputra Valley Film Festival kicks off in guwahati
নৱম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Dec 6, 2024, 11:44 AM IST

গুৱাহাটী :বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে নৱম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ । গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত আৰম্ভ হৈছে এই বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱৰ নৱম সংস্কৰণ ৷

উক্ত চলচ্চিত্ৰ মহোৎসৱৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী আয়ুক্ত দিগন্ত বৰা, প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা নৱদীপ সিং, প্ৰযোজক ৰণী লাহিৰী, অভিনেতা কপিল বৰা, টিউলিপ মেডিৱল্ডৰ্ৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ ড॰ অপূৰ্ব শৰ্মাৰ লগতে সাংস্কৃতিক জগতৰ লগত জড়িত বহু বিশিষ্ট ব্যক্তি ।

নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ: শীতৰ আমেজত ৰঙীন জ্যোতি চিত্ৰবন (ETV Bharat Assam)

চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মহোৎসৱত মুঠ ৩০খন ছবি তালিকাভুক্ত কৰা হৈছে । তাৰে ভিতৰত প্ৰতিযোগিতামূলক শাখাত ২০খন আৰু অপ্ৰতিযোগিতামূলক শাখাত ১০খন ছবি আছে ৷ এই বাৰেৰহণীয়া ছবিসমূহৰ মাজত ১৩খন বৈশিষ্ট্যপূৰ্ণ ছবি, ৫খন তথ্যচিত্ৰ আৰু ১২খন চুটি ছবি অন্তৰ্ভুক্ত কৰা হৈছে ।

ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ (ETV Bharat Assam)

এই উৎসৱত চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমাপ্ৰেমীসকলক জড়িত আৰু অনুপ্ৰাণিত কৰিবলৈ মাষ্টাৰক্লাছৰো ব্যৱস্থা কৰা হৈছে । মহোৎসৱত উপস্থিত থাকিব বহু কেইগৰাকী বিশিষ্ট বক্তা । মন কৰিবলগীয়া যে এইবাৰ এই মহোৎসৱত দুখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰও প্ৰদৰ্শন কৰা হ'ব ।

নৱম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ (ETV Bharat Assam)

পৰিচালক টিংমাঞ্চু ঢুলিয়া (Tingmanshu Dhulia), নীতিন বেদ, দক্ষিণৰ অভিনেত্ৰী ঐশ্বৰ্য লক্ষ্মীকে ধৰি প্ৰায় ৫০ ৰো অধিক বাহিৰৰ পৰিচালক, লেখক, সম্পাদকে এই মহোৎসৱত অংশগ্ৰহণ কৰিব ।

নৱম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱত ৫ টা শিতানত বঁটা প্ৰদান কৰা হ'ব । শিতানকেইটা হৈছে - শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ চুটি ছবি, শ্ৰেষ্ঠ তথ্যচিত্ৰ, শ্ৰেষ্ঠ পৰিচালক আৰু জীৱনজোৰা সাধনা বঁটা । আৰম্ভণি অনুষ্ঠানত কেনী বসুমতাৰী পৰিচালিত বিবো বিনানাও [মোৰ তিনি ভনী] নামৰ ছবিখন প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক :৫ ডিচেম্বৰৰ পৰা নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ

ABOUT THE AUTHOR

...view details