চিটাৰা ডেস্ক, 3 আগষ্ট :কিছুমান চিনেমাই দৰ্শকৰ মনত চিৰদিনৰ বাবে সাঁচ বহুৱাই যায় ৷ 2001 চনৰ 15 জুনত মুক্তিলাভ কৰা গদৰ তেনেকুৱা এখন চিনেমা ৷ গানৰ পৰা আৰম্ভ কৰি কাহিনীলৈকে সকলো পছন্দ কৰিছিল দৰ্শকে ৷ গদৰৰ ছিকুৱেল গদৰ-2 2023 চনৰ 11 আগষ্টত চিনেমাগৃহত মুক্তি পায় ৷ ছিকুৱেল ঘোষণাৰ পিচতে অনুৰাগীসকল উৎসাহিত হৈ পৰিছিল ৷
ছানী দেওল-আমীশা পেটেল অভিনীত ছবি গদৰ-2 বক্স অফিচত ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হয় । গদৰ-2 ৰ গানো যথেষ্ট জনপ্ৰিয় হয় ৷ এতিয়া নিৰ্মাতাসকলে গদৰ-2 আকৌ ছবিগৃহত মুক্তি দিয়াৰ সিদ্ধান্ত ল’লে, কিন্তু এটা টুইষ্টৰ সৈতে ।
ছানী দেওল আৰু আমিশা পেটেল অভিনীত গদৰ-2 2023 চনৰ ব্লকবাষ্টাৰ চলচ্চিত্ৰসমূহৰ ভিতৰত এখন আছিল । এই ছবিখনে বক্স অফিচত ইতিহাস সৃষ্টি কৰে । এতিয়া এবছৰৰ পিচত ছবিখনৰ নিৰ্মাতাসকলে অনুৰাগীসকলৰ বাবে এক নতুন আপডেট আনিছে । প্ৰকৃততে, গদৰ-2 ৰ নিৰ্মাতাসকলে ছবিখনৰ প্ৰথম বাৰ্ষিকীত ছবিখন পুনৰ ছবিগৃহত মুক্তি দিবলৈ গৈ আছে । কিন্তু এইবাৰ ছবিখন বধিৰ দৰ্শকৰ বাবে সাংকেতিক ভাষাত মুক্তি দিয়া হ’ব । যোৱা বছৰ সমগ্ৰ দেশৰ লাখ লাখ লোকৰ হৃদয় আকৰ্ষণ কৰা আৰু সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হোৱা চুপাৰহিট ছিকুৱেলখন বধিৰ দৰ্শকৰ সুবিধাৰ বাবে ভাৰতীয় সাংকেতিক ভাষা (আইএছএল)ৰ সৈতে প্ৰদৰ্শিত হ'ব ।
উৎসাহিত ছানী দেওল