ETV Bharat / entertainment

ঢৌ ফালি জীৱন ডিঙা সামৰি জি এম চি এইচলৈ শেষ যাত্ৰা কুলদা কুমাৰ ভট্টাচাৰ্যৰ

ধৰ্ম নিৰপেক্ষ, যুক্তিবাদী কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৰণোত্তৰ দেহদান । জি এম চি এইচত অৰ্পণ নশ্বৰ দেহ ।

Veteran actor Kulada Kumar Bhattacharya Posthumous body donation for medical research
কুলদা কুমাৰ ভট্টাচাৰ্যৰ নশ্বৰ দেহ অৰ্পন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 7:38 PM IST

গুৱাহাটী: হিন্দী নাট্য জগতৰ যেনেকৈ হাবিব তনবীৰ, বঙলা নাট্য জগতৰ যেনেকৈ শম্ভু মিত্ৰ, তেনেকৈ আধুনিক অসমীয়া নাট্য জগতৰ পুৰোধা তথা মূলখুঁটা কুলদা কুমাৰ ভট্টাচাৰ্য । শ্মশানত শেষকৃত্য নহ’ল তেঁওৰ ৷ সেই পঞ্চভূতত বিলীন হোৱাৰ পৰম্পৰাৰে অগ্নিৰ মাজত শেষ বিদায় নহ’ল সকলোৰে মৰমৰ বেণুদাৰ । শুকুৰবাৰে ৯২ বছৰ বয়সত শেষনিশ্বাস ত্যাগ কৰাৰ পিছত তেওঁৰ ইচ্ছানুসৰিয়েই তেঁওৰ নশ্বৰ দেহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় গুৱাহাটী চিকিংসা মহাবিদ্যালয়ৰ ওচৰত ।

নাট্যজগত, চলচ্চিত্রজগতৰ এছোৱা শূণ্য কৰি চিৰ বিদায় লোৱা কুলদা কুমাৰ ভট্টাচাৰ্যৰ প্ৰতি তেখেতৰ গুণমুগ্ধ সকলে পুৱা ১০:৩০ বজাৰ পৰা দিনৰ ১ বজালৈ গুৱাহাটীৰ সূৰ্য ক্লাবত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

কুলদা কুমাৰ ভট্টাচাৰ্যৰ নশ্বৰ দেহ অৰ্পন (ETV Bharat Assam)

মৃত্যুৰ পাছতো যি বোৱাই থৈ গ’ল জীৱনৰ অৰ্থ:

মৃত্যুৱেই জীৱনৰ শেষ কথা নহয় । মৃত্যুৰ পিছতো জীৱনে কঢ়িয়াই লৈ যায় জীৱনৰ আন এক অধ্যায় । এই কথা সৰোগত কৰিয়েই যেন বিশিষ্ট অভিনেতা, পৰিচালক, লেখক কুলদা কুমাৰ ভট্টাচাৰ্যয়ো চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষতাৰ বাবে মৰণোত্তৰ দেহদান কৰি থৈ গৈছে । শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেঁওৰ মৰণোত্তৰ দেহ ইলোৰা বিজ্ঞান মঞ্চৰ সহযোগত প্ৰদান কৰা হয় ।

চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষতা সাধনৰ বাবে ইতিমধ্যে কুলদা কুমাৰ ভট্টাচাৰ্যই নিজৰ নেত্ৰ আৰু দেহদান কৰি গৈছে । তেওঁৰ ইচ্ছানুসৰিয়েই পৰিয়ালৰ লোকে গুণমুগ্ধৰ উপস্থিতিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত দেহ অৰ্পণ কৰে । এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে অসমৰ অগ্ৰণী বিজ্ঞানমনস্ক প্ৰতিষ্ঠান ইলোৰা বিজ্ঞান মঞ্চই । ইলোৰা বিজ্ঞান মঞ্চৰ সম্পাদক কমলেশ গুপ্তই কয়,“২০১০ চনতেই কুলদা কুমাৰ ভট্টাচাৰ্যই মৰণোত্তৰ দেহদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰিছিল যদিও কোনো কাৰণত সেয়া পঞ্জীয়ন নোহোৱাত ২০২৩ত পুনৰবাৰ তেখেতে মৰণোত্তৰ দেহদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰে ।”

অসমৰ নাট্য জগতৰ হাবিব তনবীৰ, শম্ভু মিত্ৰ আছিল 'বেণুদা’ :

অসমীয়া আধুনিক নাট্য জগতৰ প্ৰগতিত সদা প্ৰচাৰ বিমুখ কুলদা কুমাৰ ভট্টাচাৰ্যৰ আছিল অভূতপূৰ্ব অৰিহণা । এই প্ৰসংগত অসমৰ বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে কয়,“অসমীয়া নাট্য জগতৰ মূল স্তম্ভৰূপে কেইবা দশক ধৰি তেওঁ থিয় দি আছিল । যেনেকৈ হিন্দী নাট্য জগতৰ হাবিব তনবীৰ, বঙলা নাট্য জগতৰ শম্ভু মিত্ৰ আছিল তেনেকৈ অসমীয়া নাট্য জগতৰ এগৰাকী গুৰি ধৰোতা আছিল কুলদা কুমাৰ ভট্টাচাৰ্য । অভিনেতা, নাট্যকাৰ, আবৃত্তিকাৰ হিচাবে যিয়েই নকৰিছিল তেওঁ নিজৰ ১০০ শতাংশ দিছিল । তেওঁ যি ধৰণে প্ৰচাৰ বিমুখ হিচাবে কাম কৰি অৱদান আগবঢ়াই গ’ল সেয়া আমাৰ প্ৰজন্মই মনত ৰাখিব ।”

ধৰ্ম নিৰপেক্ষ, যুক্তিবাদী কুলদা কুমাৰ ভট্টাচাৰ্য:

৯২ বছৰ বয়সত মৃত্যুৰ ১০ দিন পূৰ্বলৈকে প্ৰগতিবাদী কুলদা কুমাৰ ভট্টাচাৰ্যই খুচৰি ভাল পাইছিল গুগল, ব্যৱহাৰ কৰিছিল গুগল মেপ । ১৯৫৮তে লণ্ডনলৈ নাটক শিকিবলৈ যোৱা ভট্টাচাৰ্যই বিজ্ঞান আৰু সংস্কৃতিৰ সমন্বয়েৰে সদায় লৈ ফুৰিছিল এক যুক্তিবাদী মন । কেইবাটাও দশক তেওঁক ওচৰৰ পৰা পোৱা গুৱাহাটী আই আই টিৰ অধ্যাপক অৰূপ কুমাৰ শইকীয়াই ক’লে এইদৰে, “ধৰ্ম নিৰপেক্ষ মন আৰু যুক্তিবাদেৰে তেওঁ কথাবোৰ সদায় ভাবিবলৈ চেষ্টা কৰে । সদায় বিশ্বজনীনভাৱে তেওঁ কথাবোৰ ভাবে, তেওঁ কেতিয়াও সংকীৰ্ণভাবে ভবা নাছিল । চিকিৎসা বিজ্ঞানত নিজৰ নিশ্চল দেহ অৰ্পণ কৰাৰ যি যাত্ৰা এয়াও বিজ্ঞান আৰু সংস্কৃতিৰ মাজৰ সমন্বয়ক তেওঁ প্ৰতিফলিত কৰি থৈ গৈছে । যোৱা ১০/১৫ দিন আগলৈকে তেওঁ গুগল, গুগল মেপ এইবোৰ চাবলৈ সদায় আগ্ৰহী আছিল ।”

কুলদা কুমাৰ ভট্টাচাৰ্যক কেইবাটাও দশকজুৰি ওচৰৰ পৰা পোৱা অধ্যাপক শইকীয়াই লগতে কয়, “অবিবাহিত হ’লেও তেওঁ আছিল এজন শৃংখলাবদ্ধ সাংসাৰিক ব্যক্তি, যি নিজৰ পৰিয়ালটোক আৱৰি ৰাখি দিকদৰ্শন কৰিছিল ।” প্ৰয়াত ভট্টাচাৰ্যৰ নাতিনী পালমা ভট্টাচাৰ্যই নিজৰ ককাকৰ বিষয়ে কয়,“আমি ককাক লৈ গৌৰৱান্বিত । চিকিৎসা বিজ্ঞানৰ বাবে তেওঁ নিজৰ দেহ দান কৰি গৈ এক আদৰ্শ দেখুৱালে, যি আনকো অনুপ্ৰাণিত কৰিব । তেওঁ মোৰ কেৱল ককা নাছিল, এজন ভাল বন্ধুও আছিল ।”

'ঢৌ ফালি জীৱন ডিঙা আগুৱায়':

লিখক, অভিনেতা, পৰিচালক, আবৃতিকাৰ এই পৰিচয়ৰ উপৰিও কুলদা কুমাৰ ভট্টাচাৰ্য আছিল এগৰাকী গভীৰ অধ্যয়ন পিপাসু ব্যক্তি যি শেষ সময়লৈকে দৈনিক ব্যস্ত আছিল গ্ৰন্থৰ মাজত । “শেষৰ দিনবোৰতো তেওঁ দিনটোত এখন গ্ৰন্থ প্ৰথমৰ পৰা শেষলৈকে পঢ়ি শেষ কৰিছিল পূৰ্বৰ দিনবোৰৰ দৰেই । ব্যস্তময় জীৱনতো দৈনিক তেখেতে দুই-তিনিখন গ্ৰন্থ পঢ়িছিল । যিটো নিয়মিত কৰি ৰখাটো অতি কঠোৰ কাম ।” এই মন্তব্য কৰে গুৱাহাটী আই আই টিৰ সমাজ বিজ্ঞান বিভাগৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াই ।

অচিৰেই প্ৰকাশ পাব কুলদা কুমাৰ ভট্টাচাৰ্যৰ আত্মজীৱনী । এই আত্মজীৱনীৰ নাম,'ঢৌ ফালি জীৱন ডিঙা আগুৱায় ।' প্ৰকাশ কৰিব বান্ধৱ প্ৰকাশনে । এই আত্মজীৱনীখনৰ বিষয়েও আই আই টিৰ অধ্যাপক তথা আন্তঃৰাষ্ট্ৰীয় সমাজৱিজ্ঞানী ৰূপে পৰিচিত অৰূপ কুমাৰ শইকীয়াই কয়, “মই আত্মজীৱনীখনৰ কেঁচা ৰূপটো পঢ়া নাই যদিও খণ্ডিত ৰূপত প্ৰকাশ হোৱা কিছু খণ্ড পঢ়িছো । মই নিশ্চিত যোৱা ৬০ টা বা ৭০ টা বছৰৰ অসমৰ সাংস্কৃতিক আৰু সমাজিক জীৱনৰ বহু গভীৰ তথ্য তথা উত্থান-পতন এইখন আত্মজীৱনীত অসমবাসীয়ে পাব । গুৱাহাটী তথা অসমৰ বিভিন্ন পৰিৱেশৰ জীৱন-জীৱিকা আৰু উত্থান-পতন পঢ়িবলৈ পোৱা যাব । ইমান বয়সত প্ৰণালীবদ্ধভাৱে তথ্যসমৃদ্ধ এখন আত্মজীৱনী সম্পূৰ্ণ কৰাটো ইমান সহজসাধ্য নহয় ।”

লগতে পঢ়ক: দীপাৱলীতেই নুমাই গ'ল এগছি চাকি ! জীৱন নাটৰ কল্যাণ-খৰমান কুলদা কুমাৰ ভট্টাচাৰ্যৰ

বিশিষ্ট নাট্যকাৰ-অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.