ETV Bharat / entertainment

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে কি হৈছিল অভিনেত্ৰী গায়ত্ৰী বৰাৰ লগত ! - JONALI LLB ACTRESS GAYATRREE BORAH

জোনালীখ্যাত অভিনেত্ৰী গায়ত্ৰী বৰাৰ সৈতে ইটিভি ভাৰতৰ অন্তৰংগ আলাপ

etv bharat exclusive interview with actor Gayatrree Borah
অভিনেত্ৰী গায়ত্ৰী বৰা (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 2, 2024, 2:28 PM IST

Updated : Nov 2, 2024, 3:08 PM IST

গুৱাহাটী : বহুকেইখন জনপ্ৰিয় ধাৰাবাহিক, গীতৰ ভিডিঅ’ আদিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী বৰা । কেৱল ধাৰাবাহিকতে নহয় মঞ্চতো অভিনয় কৰে গায়ত্ৰীয়ে । ৫ বছৰ বয়সতে মঞ্চত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল অভিনেত্ৰী গৰাকীয়ে ৷ ইয়াৰ লগতে কেইবাবছৰ ধৰি ভ্ৰাম্যমাণ জগতৰ সৈতেও জড়িত হৈ আছিল অভিনেত্ৰীগৰাকী ।

জনপ্ৰিয় ধাৰাবাহিক ‘‘জোনালী LLB’’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গায়ত্ৰী বৰাৰ অভিনয় যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল ? ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন-

অন্তৰংগ আলাপ (ETV Bharat Assam)

অভিনয় যাত্ৰাৰ আৰম্ভণি কেনেদৰে হৈছিল ?

ভ্ৰাম্যমাণৰ মঞ্চৰ লগতে বহুকেইখন ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকীয়ে কয়, “মই অভিনয় কেতিয়াৰ পৰা কৰিছো বুলি ক'বলৈ গ'লে মই ৫ বছৰ বয়সৰ পৰা মঞ্চত অভিনয় কৰিছো । একাংকিকা নাটবোৰৰ যি প্ৰতিযোগিতা অনুষ্ঠিত হয় তাৰ যোগেৰেই অভিনয় জীৱন প্ৰথম আৰম্ভ হৈছিল ।’’

‘‘প্ৰথমে অভিনয় তাৰ পাছত নৃত্য তেনেদৰে মই সাংস্কৃতিক জগতখনত খোজ পেলাইছিলো । কিন্তু পেছাগতভাৱে এই কামটোকে কৰিম বুলি মই ২০১০ চনৰ আগষ্টত প্ৰথম গুৱাহাটীলৈ আহিছিলো । গুৱাহাটী মহানগৰীলৈ আহি মই প্ৰথম কৰিছিলো অনুপম শইকীয়াৰ ‘গামোচা’ বুলি এখন ভিচিডি । তেনেকৈ আহি আহি আজিৰ এই পৰ্যায় পালো । তাৰ পাছত ২০১১-১২ ত ভ্ৰাম্যমাণ থিয়েটাৰলৈ গুচি গ’লো ।” অভিনেত্ৰীগৰাকীয়ে কয় ৷

বিহু নাচৰ অভিজ্ঞতা সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ মন্তব্য

“বিহু নচাৰ সেইখিনি সময়ৰ যিটো অভিজ্ঞতা সেইটো একেবাৰে বেলেগ । প্ৰথমতে মৌ-কুঁৱৰীৰ পৰা মই আৰম্ভ কৰিছো । তেতিয়া মোৰ বয়স ৪-৫ বছৰ মান আছিল । তেতিয়াৰ পৰাই মই বিভিন্ন প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰো । এতিয়াও ঘৰখন তেনেকুৱা বহু পুৰস্কাৰেৰে ভৰি আছে । কিন্তু আমি যেতিয়া প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰিছিলো সেই সময়বোৰ কিন্তু এতিয়া দৰে নাছিল । তেতিয়াৰ সেই সময়ত পুৰস্কাৰৰ এতিয়া যিটো চাহিদা সেইটো নাছিল । তেতিয়া আমি মনৰ হেঁপাহৰ বাবে নাচিছিলো ।”

ধাৰাবাহিকৰ যাত্ৰা সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ মন্তব্য

“গুৱাহাটীলৈ অহাৰ পাছত মই ভিচিডি ‘গামোচা’ত কাম কৰিলো । তাৰ পাছত মই ২০১১-১২ ভ্ৰাম্যমাণ থিয়েটাৰলৈ গুচি গ’লো । থিয়েটাৰৰ পৰা অহাৰ পাছত অধিকাৰ, দাপোন, সেন্দূৰ, উমাল বুকুৰ হাজাৰ কাহিনী আদি বিভিন্ন ধাৰাবাহিকত মই বহু সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিলো । তাৰ পাছত ২০১৫ চনত মোলৈ ‘‘জোনালী LLB’’ৰ প্ৰস্তাৱটো আহিছিল । সেই ধাৰাবাহিকখনত মই মূল চৰিত্ৰটোত অভিনয় কৰিছিলো । সেই ধাৰাবাহিকখনে সেই সময়ত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল । তাৰ পাছতো বহুকেইখন ধাৰাবাহিকত অভিনয় কৰিলো, তেনেদৰে এতিয়ালৈ এই যাত্ৰা অব্যাহত আছে ।”

লগতে পঢ়ক : ভিডিঅ’বাৰ্তা যোগে চৰকাৰক কি নতুন আইডিয়া দিলে জুবিনে ?

Last Updated : Nov 2, 2024, 3:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.