গুৱাহাটী, 9 ছেপ্টেম্বৰ :মাজত আৰু কেইটামান দিন বাকী । অহা 20 ছেপ্টেম্বৰত ছবিগৃহলৈ আহি আছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ অভিনীত নতুন অসমীয়া ছবি ‘চিকাৰ’ । বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ' এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰচাৰত ব্যস্ত এতিয়া হৈ পৰিছে জুবিন গাৰ্গ । দেওবাৰে নিশা গুৱাহাটী বিশ্ববিদ্যালয়ত ‘চিকাৰ’ ৰ প্ৰচাৰৰ বাবে উপস্থিত হয় টীম চিকাৰৰ সৈতে জুবিন গাৰ্গ ৷ গোপীনাথ বৰদলৈ 2 নং দুমহলীয়া ছাত্ৰাবাসত ছবিখনৰ প্ৰচাৰ চলাই কণ্ঠশিল্পীগৰাকীয়ে ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ পোষ্টাৰ মুকলি কৰে জুবিন গাৰ্গে । জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । উক্ত অনুষ্ঠানৰ পৰাই ছবিখন চাবলৈ সকলোকে আহ্বান জনাই জুবিনে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কণ্ঠশিল্পীগৰাকীয়ে কয়, “চিকাৰৰ প্ৰচাৰ আমি আৰম্ভ কৰিছো । এইখন অসমৰ প্ৰথম ছবি যিখনৰ 70% শ্বুটিং লণ্ডনত কৰা হৈছে । মানুহে ছবিখন চাই ভাল পাব । অন্য ধৰণৰ এটা কাহিনী ৷ মই এজন আদিবাসী ল'ৰাৰ চৰিত্ৰত ছবিখনত অভিনয় কৰিছো ।”
লগতে পঢ়ক :চলচ্চিত্ৰপ্ৰেমীৰ বাবে ছেপ্টেম্বৰ মাহটোৱে লৈ আহিব মনোৰঞ্জনৰ টোপোলা - Upcoming Assamese Films