তিনিচুকীয়া :উৰুকাৰ দিনটোতে চিৰদিনৰ বাবে হেৰাই গ'ল কণ্ঠশিল্পী ৰাজীৱ শদিয়া ৷ তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ কাষত দূৱাৰমৰা নৈৰ পাৰৰ ভিতৰুৱা ৰসবাৰী গাঁৱত আয়োজন কৰা হৈছে ‘ৰসবাৰী পৰ্যটন মেলা’ৰ সাংস্কৃতিক অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া ৷ দেওবাৰৰ নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল জাতি আৰু মাটিৰ গীত গাই ভালপোৱা জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই । গীত পৰিবেশন কৰি থকাৰ সময়তে ঘটি গ’ল এক অঘটন ৷
গীত পৰিবেশন কৰি থাকোতেই মঞ্চৰ পৰা বাগৰি পৰিল শিল্পী ৰাজীৱ শদিয়া ৷ হঠাৎ অসুস্থ হৈ এইদৰে বাগৰি পৰে শিল্পীগৰাকী ৷ তাৰ পাছত ততাতৈয়াকৈ ৰাজীৱ শদিয়াক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু সোমবাৰে দুপৰীয়া তেওঁ শেষনিশ্বাস ত্যাগ কৰে ৷ নিজস্ব এক গায়নশৈলীৰে অসমবাসীৰ মাজত এগৰাকী জনপ্ৰিয় শিল্পী আছিল ৰাজীৱ শদিয়া ৷