গুৱাহাটী, 5 এপ্ৰিল :নঙলামুখত ৰঙালীবিহু ৷ বিহুলৈ দিন চমু চপাৰ লগে লগে ব্যস্ততা বাঢ়িছে কন্ঠশিল্পীসকলৰ । প্ৰতিগৰাকী কন্ঠশিল্পী এতিয়া ব্যস্ত অন্তিম পৰ্যায়ৰ বিহুৰ আখৰাত । ৰৈ ৰৈ ৰাতি, এছাটি বতাহ, ওৰে ৰাতি, কেৰুমণি থুৰীয়া, কৰ্দৈ চকলা, দীঘলতি দীঘল পাতকে ধৰি বহুকেইটা ন-পুৰণি গীতেৰে বিহুলৈ সাজু হৈছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা । ৰাজ্যৰ লগতে বিদেশতো বিহুৰ অনুষ্ঠান পৰিৱেশ কৰিবলৈ সাজু হৈছে কণ্ঠশিল্পীগৰাকী ৷
কন্ঠশিল্পীগৰাকীৰ বহুকেইটা গীতৰ লগতে এইবাৰ বিহুমঞ্চত দৰ্শকে শুনিবলৈ পাব তেওঁৰ নতুন গীত দীঘলতি দীঘল পাত । কিছুদিন পূৰ্বে পৰম্পৰাগত বিহুনামৰ সৈতে তিৱা জনগোষ্ঠীয় সুৰৰ মধুৰ সংমিশ্রণেৰে 'দীঘলতি দীঘল পাত' শীৰ্ষক এটি সুন্দৰ বিহুগীতে মুক্তিলাভ কৰিছিল । শিল্পীগৰাকীৰ প্ৰায়ভাগ বিহুসুৰীয়া গীতৰ দৰেই দীঘলতি দীঘল পাত বিহুক কেন্দ্ৰ ৰচনা কৰা হৈছে । দীঘলতি দীঘল পাত মূলতঃ গৰুবিহুৰ প্ৰেক্ষাপটত সৃষ্টি কৰা এটা গীত ।