চিটাৰা ডেস্ক, ১৯ ফেব্ৰুৱাৰী: দক্ষিণৰ ছবিজগতত আত্মপ্ৰকাশ কৰাক লৈ এইকেইদিন বাতৰিৰ শিৰোনামত আছে অভিনেত্ৰী জাহ্নৱী কাপুৰ । জুনিয়ৰ এন টি আৰৰ সৈতে তেওঁৰ আগন্তুক ছবি ‘দেৱৰা পাৰ্ট ১’ত দেখা যাব অভিনেত্ৰীগৰাকীক । চলিত বৰ্ষৰ ১০ অক্টোবৰত ছবিগৃহত মুক্তি পাব ছবিখন । ইফালে এতিয়া খবৰ আহিছে যে অভিনেত্ৰীগৰাকীয়ে প্ৰথমখন তেলুগু ছবি মুক্তিৰ পূৰ্বেই আন এগৰাকী দক্ষিণৰ ছুপাৰষ্টাৰৰ সৈতে দ্বিতীয়খন তেলুগু ছবিত চুক্তিবদ্ধ হৈছে ।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জাহ্নৱী কাপুৰৰ পিতৃ বনী কাপুৰে তেওঁৰ কন্যাই তেলুগু উদ্যোগৰ ছুপাৰষ্টাৰৰ সৈতে কাম কৰাৰ কথা উল্লেখ কৰে । বনী কাপুৰে কয়, ‘‘মোৰ কন্যাই ইতিমধ্যে জুনিয়ৰ এন টি আৰৰ সৈতে এখন ছবিৰ শ্বুটিং কৰিছে । জাহ্নৱীয়ে ইয়াৰ চেটত কটোৱা প্ৰতিটো দিনেই ভাল পাইছিল । এতিয়া শীঘ্ৰেই ৰাম চৰণৰ সৈতেও এখন ছবিৰ শ্বুটিং আৰম্ভ কৰিব ।’’
বনী কাপুৰে লগতে জুনিয়ৰ এন টি আৰ আৰু ৰাম চৰণৰ সন্দৰ্ভত কয়,‘‘দুয়োগৰাকী ছুপাৰষ্টাৰে বহুত ভাল কাম কৰি আছে । জাহ্নৱীয়ে বহুত তেলুগু ছবি চাই আৰু মোৰ কন্যাই তেওঁলোকৰ লগত কাম কৰি ধন্য অনুভৱ কৰিছে । আশাকৰোঁ ছবিসমূহ দৰ্শকে আদৰি ল’ব আৰু জাহ্নৱীয়ে কাম পাব । অতি সোনকালে তাই দক্ষিণৰ অভিনেতা সূৰ্যৰ সৈতেও অভিনয় কৰিব । মোৰ পত্নীয়ে বহু ভাষাত অভিনয় কৰিছিল, আশাকৰোঁ মোৰ ছোৱালীয়েও একে কাম কৰিব ।’’
বনী কাপুৰে নিশ্চিত কৰিছে যে জাহ্নৱী কাপুৰে ৰাম চৰণৰ সৈতে পৰৱৰ্তী ছবিত কাম কৰিব । বুচি বাবু চনাই পৰিচালনা কৰিব ৰাম চৰণ অভিনীত এই ছবিখন । অৱশ্যে ছবিখনৰ শিৰোনাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই । ইয়াৰ উপৰিও বনী কাপুৰে এয়াও কৈছে যে জাহ্নৱীয়ে সূৰ্যৰ সৈতেও কাম কৰিব । অভিনেত্ৰীগৰাকীৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল ‘বাৱাল’ ছবিখনত । এতিয়া জাহ্নৱী কাপুৰক দেখা যাব ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ আৰু ‘উলঝ’ ছবিখনত।
লগতে পঢ়ক:ৰিতেশ দেশমুখে পৰ্দাত দেখুৱাব ছত্ৰপতি শিৱাজী মহাৰাজৰ জীৱন কাহিনী