চিটাৰা ডেস্ক, ২২ ফেব্ৰুৱাৰী: বলীউডত পুনৰ উভতি আহিছে ভূতৰ ছবিৰ যুগ । দৰ্শকক ভয় খুৱাবলৈ সাজু হৈছে অজয় দেৱগন আৰু আৰ মাধৱন ৷ দৰাচলতে আজি অজয় দেৱগন আৰু আৰ মাধৱন অভিনীত ছবি ‘চয়তান’ৰ গাৰ নোম শিয়ৰি উঠা ট্ৰেইলাৰ মুকলি পাইছে । ইয়াৰ ট্ৰেইলাৰ মুকলি কৰাৰ লগতে অজয় দেৱগনে নিজৰ ইনষ্টাগ্ৰামত ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ কৰিছে । ছবিখনৰ ট্ৰেইলাৰ যথেষ্ট ভয়ানক । ছবিখনত অজয় দেৱগনক নায়ক আৰু চয়তানৰ চৰিত্ৰত দেখা গৈছে আৰ মাধৱনক । ট্ৰেইলাৰৰ পৰা ক’ব পাৰি যে দুয়োৰে মাজত কঠোৰ প্ৰতিযোগিতা দেখা পোৱা যাব ।
মুক্তি পালে ‘চয়তান’ৰ টিজাৰ
বহু সময়ত আমি দেখিছো বা শুনিছো যে ক’লা যাদু কৰিবলৈ মানুহৰ আকৃতিৰ পুতলা ব্যৱহাৰ কৰা হয় । ঠিক তেনেদৰেই এই ছবিখনতো ব্লেক মেজিক আৰু পুতলাৰ সৈতে মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰা দেখা যাব । এই ক’লা যাদুৰ আভাস অজয় দেৱগন, আৰ মাধৱন আৰু জ্যোতিকা অভিনীত ‘চয়তান’ৰ ট্ৰেইলাৰত দেখা গৈছে ।
ট্ৰেইলাৰৰ পৰা স্পষ্ট হৈ পৰিছে যে অজয় দেৱগন, জ্যোতিকা আৰু তেওঁলোকৰ কন্যাই এই ক’লা যাদু আৰু চয়তানৰ মুখামুখি হ’ব । ক’লা যাদু কৰা এই চয়তানটো আন কোনো নহয় আৰ মাধৱন, যিয়ে ক’লা যাদু কৰি অজয় দেৱগনৰ ঘৰত প্ৰৱেশ কৰি অজয়ৰ কন্যাক নিজৰ নিয়ন্ত্ৰণত লয় । ইয়াৰ পিচত আৰ মাধৱনৰ নিৰ্দেশনাত পুতলাৰ সকলো কাম কৰে অজয়ৰ কন্যাই ৷