মুম্বাই :বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়াৰ ঘটনাত পোহৰলৈ আহিছে এটা ডাঙৰ আপডেট । আচলতে যিজন ব্যক্তিয়ে শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দিছিল, তেওঁৰ টাৰ্গেটত কেৱল শ্বাহৰুখেই নাছিল, পুত্ৰ আৰিয়ান খানো আছিল । অভিযুক্ত ফৈজান খানে কেনেদৰে শ্বাহৰুখ খানৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল সেই বিষয়েও জনাইছে ।
শ্বাহৰুখ-আৰিয়ানৰ বিষয়ে স্পৰ্শকাতৰ তথ্য সংগ্ৰহ কৰিছিল অভিযুক্তই
শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দি ফৈজান খানে ৫০ লাখ টকা দাবী কৰিছিল । এই ভাবুকি জাৰি কৰাৰ পূৰ্বে ফৈজানে অনলাইন যোগে কিং খান আৰু আৰিয়ানৰ সৈতে জড়িত ব্যক্তিগত তথ্য আৰু ভিতৰুৱা তথ্য সংগ্ৰহ কৰিছিল । খবৰ অনুসৰি ফৈজানৰ দ্বিতীয়টো ম’বাইলৰ ফৰেনছিক পৰীক্ষাৰ সময়ত এই কথা পোহৰলৈ আহিছে । এই মোবাইলটো উদ্ধাৰ কৰিছে বান্দ্ৰা আৰক্ষীয়ে । যোৱা ৭ নৱেম্বৰত ফৈজানে বান্দ্ৰা আৰক্ষীক ফোন কৰি শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দিছিল, তাৰ পিছত আৰক্ষীয়ে এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।