চিটাৰা ডেস্ক, 18 এপ্ৰিল :যোৱা14 এপ্ৰিলৰ পুৱতি নিশা বাইকত থকা দুজন ব্যক্তিয়ে অভিনেতা ছলমান খানৰ বান্দ্ৰাস্থিত বাসগৃহৰ বাহিৰত গুলীচালনা কৰি ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে ঘোষণা হ’ল ভাইজানৰ আগন্তুক ছবি সিকন্দৰৰ দৃশ্যগ্ৰহণৰ তাৰিখ ৷
অভিনেতাগৰাকীয়ে যোৱা 11 এপ্ৰিলত ঈদ উপলক্ষে নতুন চলচ্চিত্ৰ সিকন্দৰৰ নাম ইনষ্টাগ্ৰাম হেণ্ডেলত ঘোষণা কৰিছিল ৷ ছবিখনৰ পোষ্টাৰত উল্লেখ কৰা অনুসৰি চাজিদ নাদিয়াদৱালাই আৰু গজনীৰ পৰিচালক এ আৰ মুৰুগাডোছে এই ছবিখন প্ৰযোজনা কৰিব ৷
ছলমান খানে অনুৰাগীসকলক ঈদৰ শুভেচ্ছা জনাই ইনষ্টাগ্ৰামত নতুন চলচ্চিত্ৰখনৰ নাম প্ৰকাশ কৰি লিখিছিল, "এই ঈদত বড়ে মিয়া ছোটে মিয়া আৰু মেইদান উপভোগ কৰক ৷ পৰৱৰ্তী ঈদত সিকন্দৰ আহি আছে ৷ আপোনালোক সকলোকে ঈদ মোবাৰক ।" ছবিখন 2025 চনৰ ঈদত মুক্তি পাব বুলি আশা কৰা হৈছে ।