মুম্বাই :বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে আন এটা মৃত্যুৰ ভাবুকি লাভ কৰিছে ৷ এজন অচিনাকি লোকে মৃত্যুৰ ভাবুকিৰ সৈতে ২ কোটি টকা দাবী কৰিছে, বুধবাৰে মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়ে এই কথা ।
এই দাবী পূৰণ নকৰিলে অভিনেতাজনক হত্যা কৰা হ’ব বুলি ভাবুকি বাৰ্তা দি মুম্বাই যান-বাহন আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মুম্বাইৰ ৱৰ্লি জিলাৰ কৰ্তৃপক্ষই অচিনাকি ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তাৎক্ষণিক তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।
২৫ অক্টোবৰত নয়ডাৰ পৰা আৰু এজন ব্যক্তিয়ে ফোন যোগে ছলমান খান আৰু জীশান ছিদ্দিকীক ভাবুকি দিছিল ৷ ১২ অক্টোবৰত গুলীয়াই হত্যা কৰা প্ৰয়াত এনচিপি নেতা বাবা ছিদ্দিকীৰ পুত্ৰ তথা বিধায়ক জীশান ছিদ্দিকীক ভাবুকি দিয়াৰ কিছুদিন পিছতে এই শেহতীয়া ভাবুকি আহিছে ।
সোমবাৰে এটা গোচৰ পঞ্জীয়নৰ পিছত আৰক্ষীয়ে কাৰিকৰী প্ৰমাণ ব্যৱহাৰ কৰি নয়ডাত সন্দেহজনক লোকজনৰ সন্ধান লাভ কৰে । তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি অধিক সোধা-পোছাৰ বাবে মুম্বাইলৈ অনা হয় ।