অসম

assam

ETV Bharat / entertainment

ছলমান খান-ৰাম চৰণে মুকলি কৰিলে অপাৰেশ্যন ভেলেণ্টাইনৰ ট্ৰেইলাৰ

Operation Valentine Trailer: বৰুণ তেজ আৰু মনুষী চিল্লাৰ অভিনীত ছবি ‘অপাৰেশ্যন ভেলেণ্টাইন’ৰ ট্ৰেইলাৰ মুকলি কৰিছে ছলমান খানে ।

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 4:45 PM IST

Salman Khan, Ram Charan Unveil Varun Tej and Manushi Chhillar's Operation Valentine Trailer
অপাৰেশ্যন ভেলেণ্টাইনৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, ২০ ফেব্ৰুৱাৰী:বৰুণ তেজ আৰু মনুষী চিল্লাৰ অভিনীত ছবি ‘অপাৰেশ্যন ভেলেণ্টাইন’ দীৰ্ঘদিন ধৰি চৰ্চিত হৈ আছিল । এতিয়া ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছে নিৰ্মাতাই ।

ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছে ছলমান খানে

উল্লেখ্য যে, এই একশ্যন ড্ৰামা ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে । ট্ৰেইলাৰটো শ্বেয়াৰ কৰি ছুপাৰষ্টাৰগৰাকীয়ে কেপচনত লিখিছে, ‘‘জো হোগা দেখা জায়েগা । ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰি সুখী হৈছো । ছবিখনৰ সমগ্ৰ দললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।’’

দুটা ভাষাত মুক্তি পাব এই ছবিখন

‘অপাৰেশ্যন ভেলেণ্টাইন’ ছবিখনৰ কাহিনী ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ আধাৰত নিৰ্মিত ছবি । ট্ৰেইলাৰত বৰুণ তেজ আৰু মনুষী চিল্লাৰক জোৰদাৰ অভিনয় কৰা দেখা গৈছে । এইখন হ’ব একশ্যন নাটকীয় ছবি, যিখন ছবিত ভাৰতত এতিয়ালৈকে হোৱা অন্যতম ভয়াৱহ বিমান আক্ৰমণৰ বিষয়ে দেখুওৱা হ’ব । দেশপ্ৰেমৰ আধাৰত নিৰ্মিত এই ছবিখনৰ কাহিনী দুটা ভাষাত দেখুওৱা হ’ব ।

কেতিয়া মুক্তি পাব ছবিখন ?

এফালে ছলমানে ছবিখনৰ ট্ৰেইলাৰ হিন্দী ভাষাত মুকলি কৰিছে, আনফালে ৰাম চৰণে তেলুগু ভাষাত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছে । শক্তি প্ৰতাপ সিঙৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ১ মাৰ্চত ছবিগৃহত মুক্তি পাব ।

ইফালে ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পিচতে দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে । ট্ৰেইলাৰত বৰুণ তেজৰ লুকটো দৰ্শকে যথেষ্ট আকৰ্ষণীয় বুলি বিবেচনা কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘বাহ, বৰ ভাল । মুক্তিৰ বাবে অপেক্ষাত আছো ৷ জয় হিন্দ ।’’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘এই ছবিখন ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হ’ব ।’’ উল্লেখ্য যে, ছবিখনত বৰুণ তেজৰ চৰিত্ৰটো কেপ্টেইন অভিনন্দন বৰ্ধমানৰ পৰা অনুপ্ৰাণিত ।

লগতে পঢ়ক:ডন ৩ ত ৰণবীৰ সিঙৰ সৈতে দেখা যাব এইগৰাকী অভিনেত্ৰীক

ABOUT THE AUTHOR

...view details