চিটাৰা ডেস্ক, 17 এপ্ৰিল :বলীউডৰ 'ভাইজান' ছলমান খানৰ বাসগৃহৰ বাহিৰত যোৱা 14 এপ্ৰিলত দুই আততায়ীয়ে গুলীচালনা কৰা ঘটনাৰ তদন্ত ক্ষিপ্ৰগতিত চলি আছে ৷ শেহতীয়াকৈ এই ঘটনাৰ লগত জড়িত দুজন লোকক আটক কৰিছে মুম্বাই অপৰাধ শাখাই ৷ আৰক্ষীৰ পুংখানুপুংখ অনুসন্ধানৰ পিচত, ভুজ আৰক্ষীয়ে দুই অভিযুক্ত শ্বুটাৰক আটক কৰে আৰু তেওঁলোকক মুম্বাই আৰক্ষীক গতাই দিয়ে ।
দুয়ো শ্বুটাৰ ক্ৰমে বিকি গুপ্তা আৰু সাগৰ পাল বুলি জানিব পৰা গৈছে ৷ দুয়োৰে ঘৰ বিহাৰত ৷ ইতিমধ্যে দুয়োকে ২৫ এপ্ৰিললৈকে মুম্বাই আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে ।
ইয়াৰ পিচতে মুম্বাই আৰক্ষীয়ে দুয়ো অভিযুক্তক সোধা-পোচা কৰাত দুই অভিযুক্তই কেনেকৈ তেওঁলোকে ঘটনাটো সংঘটিত কৰাৰ পিচত পলাই গৈছিল আৰু তেওঁলোক ক'ত লুকাই আছিল সেই বিষয়ে জানিবলৈ দিয়ে ।
মুম্বাই আৰক্ষীৰ জিম্মাত থকা শ্বুটাৰদ্বয়ে কয় যে, আক্ৰমণৰ পিচত সিহঁতে মুম্বাইৰ পৰা কচ্ছ (গুজৰাট)লৈ পলাই যাবলৈ কেইবাখনো বাহন সলনি কৰিছিল । অভিযুক্তদ্বয়ে মটৰচাইকেলখন ছলমান খানৰ বাসগৃহৰ পৰা আঁতৰত থৈ প্ৰায় ৮ মিনিট অট’যোগে বান্দ্ৰা ৰে’ল ষ্টেচনত উপস্থিত হৈছিল । ইয়াৰ পিচত, শ্বুটাৰদ্বয়ে বৰিভালি অভিমুখে যোৱা এখন ৰে’লত উঠিছিল আৰু তাৰ পিচত ছাণ্টাক্ৰুজ ৰে’ল ষ্টেচনত নামিছিল ।
তাৰ পিচত দুয়ো ৱেষ্টাৰ্ণ এক্সপ্ৰেছ হাইৱেলৈ যায়, য'ত সিহঁতে টি-ছাৰ্ট সলনি কৰে। পৰৱৰ্তী সময়ত দুয়ো অভিযুক্তই দহিচাৰৰ ফালে এখন অট’ৰিক্সা লৈ মুম্বাই-গুজৰাট ঘাইপথেৰে এখন ব্যক্তিগত গাড়ীত চুৰাটলৈ ৰাওনা হয় বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে শ্বুটাৰদ্বয়ে ৷
অভিযুক্তদ্বয়ৰ ভাষ্য অনুসৰি আক্ৰমণ কৰা পিষ্টলটো এটা খালত দলিয়াই দিয়া হৈছিল । সিহঁতে চুৰাট ৰে’ল ষ্টেচনলৈ গৈছিল কিন্তু ভুজলৈ যাবলৈ কোনো ৰে’ল বিচাৰি পোৱা নাছিল । তাৰ পিচত শ্বুটাৰদ্বয়ে চুৰাটৰ পৰা এখন ৰাজ্যিক পৰিবহন বাছেৰে আহমেদাবাদলৈ ৰাওনা হৈছিল । তাৰ পৰা সিহঁতে কচ্ছ জিলালৈ আন এখন ৰাজ্যিক পৰিবহন বাছেৰে গৈছিল ৷ সিহঁত ধৰা পৰাৰ পূৰ্বে জনপ্ৰিয় মাতানোমাধ মন্দিৰত লুকাই আছিল ৷
লগতে পঢ়ক:ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা: দুই অভিযুক্তক লৈ মুম্বাইলৈ ৰাওনা আৰক্ষী - Salman Khan House Firing Incident