ETV Bharat / lifestyle

শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰখাত লাভদায়ক এইকেইবিধ পানীয় - WINTER DRINKS

শীতকালত আপুনিও বৰ ঠাণ্ডা অনুভৱ কৰে নেকি ? তেন্তে আপুনি নিশ্চিতভাৱে আপোনাৰ দিনটোৰ আৰম্ভণিতে এই কেইবিধ প্ৰাকৃতিক পানীয় খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰা উচিত-

These winter drinks are helpful for keeping you hydrated and warm
শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰখাত লাভদায়ক এইকেইবিধ পানীয় (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 22, 2024, 7:26 PM IST

শীতকালত শৰীৰটো ভিতৰৰ পৰা গৰম কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়, অন্যথা অসুস্থ হ’বলৈ বেছি পৰ নালাগে ৷ যদি আপুনিও আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰা ৰক্ষা কৰিব বিচাৰে, তেন্তে আপুনিও আপোনাৰ খাদ্য তালিকাত কিছু পৰিৱৰ্তন কৰাটো খুবেই জৰুৰী ৷ শৰীৰক ভিতৰৰ পৰা গৰম তথা সুস্থ কৰি ৰাখিবলৈ আপোনাৰ ঘৰতে উপস্থিত থকা কিছুমান সামগ্ৰীৰ দ্বাৰা কেইবিধমান পানীয় প্ৰস্তুত কৰি খালে শৰীৰৰ বাবে যথেষ্ট লাভদায়ক ৷ জানো আহক এই পানীয়সমূহ নো কি-

নেমু আৰু মৌৰ পানী

কুহুমীয়া পানীত নেমু আৰু মৌ মিহলাই খালে আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ শীতকালত নেমু মৌৰ পানী খাবলৈ চিকিৎসকেও পৰামৰ্শ আগবঢ়ায় ৷ ঔষধি গুণেৰে ভৰপূৰ এই পানীয়ই আপোনাৰ আন্ত্ৰিক স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় আপোনাৰ শৰীৰক ভিতৰৰ পৰাও সুস্থ ৰখাত সহায় কৰে ৷

আদা আৰু হালধি দিয়া চাহ

আদা আৰু হালধি দুয়োবিধেই শীতকালত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ নিয়মিতভাৱে আদা আৰু হালধি দিয়া চাহ খালে শৰীৰ গৰম হৈ থাকে ৷ কেৱল এয়াই নহয়, এই প্ৰাকৃতিক পানীয়ৰ সহায়ত আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে ৷

গুড় আৰু জিৰা পানী

শীতকালত শৰীৰটো ভিতৰৰ পৰা গৰম কৰি ৰাখিবলৈ গুড় আৰু জিৰাৰ পানীত উতলাই চেকি খাব পাৰে ৷ গুড় আৰু জিৰা পানীয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰি আপোনাৰ ওজন হ্ৰাস প্ৰক্ৰিয়া সহজ কৰি তুলিব পাৰে ৷ মুঠতে এই প্ৰাকৃতিক পানীয় আপোনাৰ স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে ৷

লগতে পঢ়ক: শীতকালত খুব ভাগৰুৱা অনুভৱ হয় নেকি ? জানি লওক ইয়াৰ কাৰণ তথা উপায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.