ETV Bharat / entertainment

ছবিজগতৰ দম্পতীৰ মাত্ৰাধিক বিবাহ বিচ্ছেদ কিয় হয় ? - AR REHMAN LAWYER ON CELEB DIVORCES

বলীউডত সংঘটিত হোৱা বৃহৎ সংখ্যক বিবাহ বিচ্ছেদৰ আঁৰৰ কিছু বিশেষ কাৰণ দাঙি ধৰিছে এ আৰ ৰহমানৰ অধিবক্তাই ।

Boredom, high sex life expectations and more: AR Rehman's lawyer reveals the reason behind celebs divorces
বিবাহ বিচ্ছেদ (Photo : ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 4:17 PM IST

মুম্বাই : সংগীত শিল্পী এ আৰ ৰহমান আৰু তেওঁৰ পত্নী ছাইৰা বানুৱে শেহতীয়াকৈ ২৯ বছৰীয়া যুগ্ম জীৱনৰ অন্ত পেলাইছে । তেওঁলোকৰ বিবাহ বিচ্ছেদৰ ঘোষণাত মানুহ যথেষ্ট আচৰিত হৈছিল যদিও চলচ্চিত্ৰ জগতত বিবাহ বিচ্ছেদ আচৰিত কথা নহয় । প্ৰতিদিনে কোনোবা নহয় কোনোবা দম্পতীৰ বিচ্ছেদৰ খবৰ আহিয়ে থাকে । বহু সময়ত আমি আদৰ্শ হিচাপে গণ্য কৰা দম্পতীয়েও যেতিয়া বিবাহ বিচ্ছেদৰ দৰে খবৰ দিয়ে আমাৰ মানি ল’বলৈ টান হয় ৷ এনেকুৱা চিন্তাও আহে যে সাধাৰণ মানুহতকৈ ছবি জগতত নিশ্চয়কৈ বিবাহ বিচ্ছেদ বেছি হয় ! পিছে এনে হোৱাৰ আঁৰৰ কাৰণবোৰ কেতিয়াবা ভাবি চাইছেনে ? শেহতীয়াকৈ এ আৰ ৰহমানৰ অধিবক্তা বন্দনা শ্বাহে এই সন্দৰ্ভত নিজৰ চিন্তাধাৰা প্ৰকাশ কৰিছে । এক সাক্ষাৎকাৰত তেওঁ বলীউডত বিবাহ বিচ্ছেদৰ আঁৰৰ প্ৰধান কাৰণসমূহ ব্যাখ্যা কৰিছে ।

বলীউডত কিয় ইমানকৈ হয় বিবাহ বিচ্ছেদ ?

সাক্ষাৎকাৰত ছাইৰা বানুক চলচ্চিত্ৰ জগতত বিবাহ বিচ্ছেদৰ বিষয়ে সোধা হৈছিল । এই সন্দৰ্ভত বন্দনাই কয়, “প্ৰথম কথা, বলীউডৰ জীৱনটো বহুত বেলেগ, মই নাভাবো যে বেছিভাগ বিবাহ বিচ্ছেদৰ আঁৰৰ কাৰণ প্ৰতাৰণা । বেছিভাগ বিবাহ বিচ্ছেদ হোৱাৰ প্ৰথম কাৰণটো হ’ল বিৰক্তি ৷ এজনক এৰি আন এজনৰ ওচৰলৈ যোৱাৰ এটা ডাঙৰ কাৰণ হৈছে আমনি । দ্বিতীয়তে, বলীউডৰ মানুহৰ যৌন সম্ভোগৰ প্ৰৱণতা সাধাৰণ মানুহতকৈ বেছি । তৃতীয়তে, দম্পতী এটাৰ মাজত তৃতীয় ব্যক্তিক অধিক অগ্ৰাধিকাৰ দিয়া আৰু এই তৃতীয় ব্যক্তিজন পৰিয়ালৰ যিকোনো হ’ব পাৰে । এই তৃতীয় ব্যক্তিজন মাক, ভাতৃ বা পিতৃও হ’ব পাৰে ৷”

এই ক্ষেত্ৰত তেওঁ দক্ষিণ ভাৰতৰ এটা ঘটনাৰ উদাহৰণ দিয়ে য'ত ল'ৰাটোৰ পিতৃৰ বাবে বিয়াৰ সম্পৰ্কত তিক্ততা আহি পৰিছে ৷ পুত্ৰ পত্নীৰ সন্মুখত সিংহ যদিও দেউতাকৰ সন্মুখত বেছি ক'ব নোৱাৰে, মেকুৰীৰ হৈ পৰে । গতিকে বহুত ক্ষেত্ৰত সেই ল’ৰাটোৰ পত্নী সুখী নহয় । গতিকে এইবোৰো বিবাহিত সম্পৰ্কৰ অৱনতি ঘটাৰ অন্যতম প্ৰধান কাৰণ বুলি তেওঁ আখ্যা দিয়ে ।

বলীউডত বিবাহ বিচ্ছেদ

বিবাহৰ ২৯ বছৰৰ পাছত এ আৰ ৰহমান আৰু ছাইৰা বানুৱে বিবাহ বিচ্ছেদৰ ঘোষণা কৰিছে । কিন্তু ইমান বছৰৰ পাছত বলীউড বা মনোৰঞ্জন জগতৰ এটি দম্পতীয়ে এনে সিদ্ধান্ত লোৱা এয়ে প্ৰথম নহয়, বহু এনে ঘটনা ঘটি গৈছে । হৃত্বিক ৰোশন আৰু ছুজান খানে বিবাহৰ ১৩ বছৰৰ অন্তত সম্পৰ্কৰ অন্ত পেলায় । বিবাহৰ ১৯ বছৰৰ অন্তত ২০১৭ চনত আৰবাজ খান আৰু মালাইকা অৰোৰাৰ বিবাহ বিচ্ছেদ হয় । শেহতীয়াকৈ আৰবাজ শ্বুৰা খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় । এইলোকৰ উপৰিও ছৈফ আলী খান-অমৃতা সিং, আমিৰ খান-ৰীনা দত্ত, কৰিশ্মা কাপুৰ-সঞ্জয় কাপুৰ, ফাৰহান আখতাৰ-আধুনা, কৰণ সিং গ্ৰ’ভাৰ- জেনিফাৰ উইংগেট, অনুৰাগ কাশ্যপ-কলকি ক’য়েচলিন, সোহেইল খান-সীমা সচদেৱ, ইমৰান খান-অবন্তিকা মালিকে সম্পৰ্ক শেষ কৰি অনুৰাগীক স্তম্ভিত কৰি তুলিছিল । এইবোৰৰ বাহিৰেও বৰ্তমান আটাইতকৈ উত্তপ্ত বিষয় হৈছে ঐশ্বৰ্য আৰু অভিষেক বচ্চনৰ বৈবাহিক জীৱন ৷ বহু সময় ধৰি তেওঁলোকৰ বিবাহ বিচ্ছেদক লৈ জল্পনা-কল্পনা চলি আছে । অৱশ্যে কোনোপক্ষৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি এতিয়ালৈকে অহা নাই ।

লগতে পঢ়ক : এ আৰ ৰহমান-ছাইৰা বানুৰ অধিবক্তাই কিয় ক’লে এই কথা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.