ETV Bharat / sports

বেটিং বিপৰ্যয় স্বত্বেও পাৰ্থ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 83 ৰাণত অগ্ৰগতি ভাৰতৰ - BORDER GAVASKAR TROPHY 2024

IND vs AUS Perth Test: পাৰ্থ টেষ্টৰ প্ৰথম দিনটোত ভাৰতীয় বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ দিনান্তত 7 উইকেটৰ বিনিময়ত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ 67 ৰাণ ৷

BORDER GAVASKAR TROPHY 2024
পাৰ্থ টেষ্টৰ প্ৰথম দিনৰ খেল (AP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 22, 2024, 6:11 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত ভাৰতে অগ্ৰগতি লাভ কৰিছে । প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 150 ৰাণ সংগ্ৰহ কৰিছিল ভাৰতে ৷

ভাৰতৰ পিছতে ক্ৰিজত নমা অষ্ট্ৰেলিয়াৰ বেটছমেনসকলক দিশহাৰা কৰি তোলে ভাৰতীয় বলাৰসকলে ৷ প্ৰথম দিনাৰ খেলৰ শেষলৈকে 7 টা উইকেটৰ বিনিময়ত 67 ৰাণ সংগ্ৰহ কৰিছে কেংগাৰু বাহিনীয়ে ৷ দিনটোৰ শেষত যশপ্ৰীত বুমৰাহ নেতৃত্বাধীন ভাৰতে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াতকৈ 83 ৰাণত অগ্ৰগতি লাভ কৰিছে ৷

পাৰ্থ টেষ্টৰ প্ৰথম দিনটোত অষ্ট্ৰেলিয়াৰ স্ক’ৰ(67/7)

পাৰ্থ টেষ্টৰ প্ৰথম দিনটোত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে দুয়োপক্ষৰ বলাৰসকলে ৷ মেচখনৰ প্ৰথম ইনিংছত ভাৰতে 150 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে দিনটোৰ শেষলৈকে অষ্ট্ৰেলিয়াই 7 উইকেটত সংগ্ৰহ কৰে 67 ৰাণ ৷ ভাৰতীয় বলাৰসকলে কেংগাৰু বাহিনীৰ বেটছমেনসকলৰ ওপৰত চাপ সৃষ্টি কৰি এটাৰ পিছত আনটো উইকেট দখল কৰি গৈছিল ৷

যশপ্ৰীত বুমৰাহৰ 4 উইকেট

প্ৰথম টেষ্টত দলৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰা যশপ্ৰীত বুমৰাহে পাৰ্থ টেষ্টৰ প্ৰথম দিনটোত দখল কৰে 4 টাকৈ গুৰুত্বপূৰ্ণ উইকেট ৷ বুমৰাহে অ’পেনাৰ নাথান মেকচুইনিক(10) এল বি ডব্লিউ কৰি ভাৰতক প্ৰথমটো সফলতা প্ৰদান কৰে । ইয়াৰ পিছত সপ্তম অভাৰৰ চতুৰ্থ বলত কোহলীৰ হাতত কেচ তুলি দি আউট হয় উছমান খাৱাজা(8) ৷

বুমৰাহে পৰৱৰ্তী বলত অভিজ্ঞ বেটছমেন ষ্টিভ স্মিথক শূন্যত আউট কৰি কেংগাৰু বাহিনীৰ শিবিৰত বৃহৎ আঘাত হানে ৷ সেই সময়ত 8 অভাৰত অষ্ট্ৰেলিয়াৰ স্ক'ৰ আছিল 19/3 ৷ ভাৰতীয় বলাৰগৰাকীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক 3 ৰাণত আউট কৰি চতুৰ্থটো সফলতা লাভ কৰে ।

ভাৰতীয় বলাৰসকলে কৰিছিল দিশহাৰা

সোঁহতীয়া ফাষ্ট বলাৰ মহম্মদ চিৰাজ আৰু নৱাগত হৰ্ষিত ৰাণায়ো যশপ্ৰীত বুমৰাহক যথেষ্ট সমৰ্থন আগবঢ়াইছিল । তেওঁলোক দুয়োজনে অষ্ট্ৰেলিয়াৰ বেটছমেনসকলক ৰাণ সংগ্ৰহৰ সুযোগ প্ৰদান কৰা নাছিল ৷ বুমৰাহৰ লগতে মহম্মদ চিৰাজেও দখল কৰিছিল দুটা উইকেট ।

আনহাতে, ৰাণাই ট্ৰেভিছ হেডক (11) ক্লিন বল কৰি টেষ্ট ক্ৰিকেটৰ প্ৰথমটো চিকাৰ কৰে ৷ অষ্ট্ৰেলিয়াৰ দলটোৰ হৈ 5 গৰাকী বেটছমেনে অতিক্ৰম কৰিব নোৱাৰিলে দহকৰ ঘৰ ৷ দলটোৰ হৈ প্ৰথম দিনটোৰ শেষত ক্ৰিজত বৰ্তি আছে এলেক্স কেৰী (19) আৰু মিচেল ষ্টাৰ্ক (6) ৷

প্ৰথম ইনিংছত ভাৰতৰ 150 ৰাণ

ভাৰতীয় অধিনায়ক যশপ্ৰীত বুমৰাহে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল । ভাৰতৰ হৈ অভিষেক ঘটোৱা নীতিশ ৰেড্ডীয়ে দলটোৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে ৷ ক্ৰিকেটাৰগৰাকীয়ে 6 টা চাৰি আৰু এটা ছয়ৰ সহায়ত 59 টা বলত সংগ্ৰহ কৰে 41 ৰাণ ৷

ভাৰতৰ হৈ ঋষভ পন্তে আগবঢ়াইছিল 37 ৰাণৰ অৱদান । আনহাতে, আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বলি হৈ আউট হোৱা কে এল ৰাহুলেও সংগ্ৰহ কৰিছিল 26 ৰাণ ৷ বিপক্ষৰ বলাৰ জছ হেজলউডে দখল কৰে 4 টা উইকেট ৷ আনহাতে, মিচেল ষ্টাৰ্ক, পেট কামিন্স আৰু মিচেল মাৰ্শে 2 টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: কে এল ৰাহুলৰ লগত অন্যায় ! থাৰ্ড আম্পায়াৰৰ ভুল সিদ্ধান্তত পাকিস্তানী ক্ৰিকেটাৰৰ খং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.