ETV Bharat / entertainment

বিজুদা অবিহনে পাৰ হৈ গ’ল ৭টা বৰ্ষ ! আজি তেওঁৰ পত্নীৰে দৃষ্টিৰে চাও আহক মহানায়কগৰাকীক - ACTOR BIJU PHUKAN DEATH ANNIVERSARY

অসমৰ সাংস্কৃতিক জগতৰ মহানায়ক বিজু ফুকনৰ আজি সপ্তম মৃত্যুবাৰ্ষিকী । ৰাজ্যজুৰি স্মৰণ মহানায়কগৰাকীক ৷

on actor Biju Phukan 7th death anniversary wife describes him as best human
বিজু ফুকন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 5:09 PM IST

গুৱাহাটী : অসমৰ সাংস্কৃতিক জগতখনৰ এটি চিৰসেউজ নাম বিজু ফুকন ৷ অসমীয়া ছবিত বিশিষ্ট অভিনেতাগৰাকীৰ মননশীল অভিনয় আজিও প্ৰতিগৰাকী অসমীয়া দৰ্শকৰ স্মৃতিপটত সজীৱ হৈ আছে । আজি মহানায়ক বিজু ফুকনৰ সপ্তম সংখ্যক মৃত্যুবাৰ্ষিকী । ৰাজ্যজুৰি স্মৰণ কৰা হৈছে মহানায়কগৰাকীক ।

১৯৬৮ চনত ব্ৰজেন বৰুৱাৰ ‘ডক্তৰ বেজবৰুৱা’ ছবিখনত এটি সৰু চৰিত্ৰত ভুমুকি মৰা অভিনেতাগৰাকীয়ে পৰৱৰ্তী সময়ত ব্যৱসায়িকভাৱে সফল বহুকেইখন ছবি উপহাৰ হিচাপে প্ৰদান কৰে । ‘আজলী নবৌ’, ‘ঘৰ সংসাৰ’, ‘অপৰূপা’ ৰ পৰা আৰম্ভ কৰি ‘অগ্নিস্নান’, ‘পাপৰি’, ‘অগ্নিসাক্ষী’ লৈকে প্ৰায় ৮০ খনৰো অধিক ছবিত অভিনয় কৰিছিল তেওঁ ৷ তেওঁৰ শৈল্পিক নিপুণতাৰ স্বাক্ষৰ প্ৰতিগৰাকী অসমীয়াৰ মনত চিৰদিনৰ জীয়াই থকিব ।

মৃত্যুবাৰ্ষিকীৰ এই দিনটোত বিজু ফুকনক স্মৰণ কৰি তেওঁৰ পত্নী ৰাজশ্ৰী ফুকনে কয়, “তেওঁ কায়িকভাৱে আমাক এৰি যোৱা আজি ৭ টা বছৰ সম্পূৰ্ণ হ'ল । তেওঁ আমাৰ বাবে সদায় আছে আৰু থাকিবও । মই ভাবো অসমৰ ৰাইজৰ লগতে অসমীয়া ছবিজগতৰ বাবে তেখেতৰ যিখিনি অৱদান সেই অৱদানৰ উল্লেখ অসমীয়া সাংস্কৃতিক জগতত সদায় থাকিব । মই এটাই বিচাৰো নতুন প্ৰজন্মৰ আমাৰ যিখিনি অগ্ৰজ, তেওঁলোকে কেৱল বিজু ফুকন বুলিয়ে নহয়, নিপন গোস্বামীৰ পৰা আৰম্ভ কৰি যিসকল চিৰবৰেণ্য ব্যক্তি আছে, তেওঁলোকক যাতে পাহৰি নাযায় । এইসকল মানুহক যাতে তেওঁলোকে জানিবলৈ বুজিবলৈ চেষ্টা কৰে, বিশেষকৈ আমাৰ নতুন প্ৰজন্মলৈ এয়া মোৰ তৰফৰ পৰা অনুৰোধ । তেওঁলোকে কৰি থৈ যোৱা কামখিনি শুনক, বুজক আৰু তেনেদৰে আগবাঢ়ক । অসমীয়া সাংস্কৃতিক দিশটোত তেখেতৰ যথেষ্ট অৱদান আছে । তেওঁৰ অৱদানখিনিক স্বীকৃতি দিয়াটো মই নিশ্চয়কৈ বিচাৰো । তেখেতৰ পত্নী হিচাপেই নহয় এগৰাকী দৰ্শক বা এগৰাকী অসমীয়া হিচাপেও তেওঁৰ যিখিনি অৱদান সেই অৱদানখিনিয়ে স্বীকৃতি পোৱাটো মই বিচাৰোঁ ।”

স্বামী হিচাপে কেনে আছিল বিজু ফুকন ?

“প্ৰতিগৰাকী নাৰীয়ে আচলতে তেওঁৰ নিচিনা এগৰাকী স্বামীয়ে বিচাৰিব । প্ৰতিটো কথাতে তেখেত বহুত বেছি বুজন আছিল । আমাৰ মাজত যুক্তি-তর্ক বহুত বেছি কম হৈছিল । আমাৰ মাজত বহুত বেছি বুজাপৰা আছিল । আমি ইজনে সিজনৰ বাবে বহুত বেছি কম্প্ৰমাইজ কৰিছিলোঁ । এটা সম্পৰ্ক ভালে ৰাখিবলৈ যিখিনি স্পৃহা থাকিব লাগে সেইখিনি আমাৰ মাজত আছিল । আমি নিজৰ নিজৰ কামখিনি সদায় ভগাই লৈছিলোঁ । এখন সংসাৰ ভালদৰে চলাবলৈ যিখিনি থাকিব লাগে সেইখিনি আমাৰ মাজত আছিল আৰু তেখেতক স্বামী হিচাপে পাই ভগৱানৰ ওচৰত মই চিৰকৃতজ্ঞ ।”

বিজু ফুকনৰ কোনখন ছবি আটাইতকৈ বেছি প্রিয় আছিল পত্নী ৰাজশ্ৰী ফুকনৰ ?

“প্রিয় ছবি বুলি ক’লে মই এখনৰ নাম ল'ব নোৱাৰিম । তেখেতে অভিনয় কৰা কেবাখনো ছবি মোৰ প্ৰিয় । তেখেতে অভিনয় কৰা আটাইতকৈ প্রিয় ছবি হৈছে ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অগ্নিস্নান’, জাহ্নু বৰুৱাৰ ‘অপৰূপা’, দেউতী বৰুৱাৰ ‘বৃষ্টি’, মুনিন বৰুৱাৰ ‘পিতা-পুত্ৰ’ ৰ লগতে তেখেতে পৰিচালনা কৰা ছবি ‘ভাই-ভাই’ খনো অতি প্ৰিয় । সেই ছবিখন আমাৰ নিজৰ সন্তানৰ দৰে কাৰণ সেই ছবিখন আমি নিজই নিৰ্মাণ কৰিছিলো ।”

লগতে পঢ়ক : ৫ ডিচেম্বৰৰ পৰা নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.