এই শীতৰ বতৰত ফুৰিবলৈ যাম বুলি যদি ভাবিছে উত্তৰ ভাৰতলৈ নাযাব ৷ এইকেইদিনত গোৱা, দিল্লী, চেন্নাইতো নাযাব ৷ ফুৰিবলৈ মন আছে যদি উত্তৰ পূবৰ ঠাই সমূহহে আপোনাৰ বাবে এতিয়া উত্তম হ’ব ৷ কাৰণ, উত্তৰ ভাৰতৰ বেছিভাগ ৰাজ্যতে এতিয়া বায়ুমণ্ডল বিষাক্ত হৈ পৰিছে ৷ হয়, AQIৰ ৰিপৰ্ট অনুসৰি ভাৰতৰ বহুকেইখন ৰাজ্যই এতিয়া প্ৰদূষিত ৷ যদি আপুনি এই বায়ুত উশাহ লয় তেন্তে আপোনাৰ শৰীৰৰ বাবে এয়া কোনো বৰবিহতকৈ কম নহ’ব ৷ সেয়ে শীতকালত যদি ভ্ৰমণৰ কথা পৰিকল্পনা কৰিছে তেন্তে উত্তৰ-পূৰ্বাঞ্চলৰ এই ঠাইসমূহলৈ নিশ্চয় যাব পাৰে ৷ কাৰণ এই সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ ঠাইসমূহত প্ৰদূষণ কম বুলি ক’লেও ভুল কোৱা নহ’ব ৷ বৰ্তমান উত্তৰ-পূবৰ ঠাইসমূহত ৫০তকৈও তলত AQI অৰ্থাৎ বায়ুমান সূচাংক ৷
উত্তৰ-পূৰ্বাঞ্চলৰ সকলো অঞ্চলৰেই নিজস্ব সৌন্দৰ্য তথা মাদকতা আছে কাৰণ ইয়াৰ আটাইকেইখন ৰাজ্যই তেওঁলোকৰ সংস্কৃতি আৰু সভ্যতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে ৷ ভাৰতৰ উত্তৰ-পূব অঞ্চলটো প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক বৈচিত্ৰ্য আৰু সুন্দৰ পৰিৱেশৰ বাবে জনাজাত ৷ সুন্দৰ উপত্যকা, বৰফৰ পাহাৰ, নদী আৰু সেউজীয়া অৰণ্যৰ বাবে এই ঠাইসমূহ খুবেই বিখ্যাত ৷ ইয়াৰ সুন্দৰ আৰু মনোমোহা দৃশ্যই আপোনাক নিশ্চয় মোহিত কৰিব ৷ বিশেষকৈ বৰ্তমান সময়ত বৃদ্ধি পোৱা প্ৰদূষণৰ ফলত ভাৰতৰ বহুকেইখন ৰাজ্যই প্ৰদূষিত হৈ পৰিছে ৷ যদি আপুনিও শীতকালত ভ্ৰমণৰ কথা পৰিকল্পনা কৰিছে তেন্তে উত্তৰ পূবৰ এইসমূহ ঠাই ভ্ৰমণ কৰিবলৈ যাব পাৰে ৷
আপুনি আপোনাৰ ভ্ৰমণ পৰিকল্পনাৰ বাবে উত্তৰ-পূবৰ এই ঠাইবোৰ বিবেচনা কৰিব পাৰে –
১/ শ্বিলং, মেঘালয়
এই ঠাইক "পূবৰ স্কটলেণ্ড" বুলিও কোৱা হয় ৷ ইয়াত এলিফেণ্ট জলপ্ৰপাত, উমিয়াম হ্ৰদ, শ্বিলং পিক আদিৰ দৰে সুন্দৰ ঠাই আছে ৷ এই ঠাইৰ সংগীত আৰু সেউজীয়া পাহাৰৰ যি মনোমোহা দৃশ্য সেয়া সঁচাকৈয়ে আচৰিত ৷
২/ চেৰাপুঞ্জী, মেঘালয়
এই ঠাই বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা ঠাইসমূহৰ ভিতৰত অন্যতম বুলি কোৱা হয় ৷ লিভিং ৰুট ব্ৰীজ, নোহকালিকাই জলপ্ৰপাত, মাউলিননং ভিলেজ, কাৰংচুই হ্ৰদ ইয়াৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷
৩/ টাৱাং, অৰুণাচল প্ৰদেশ
এই অঞ্চলত আপুনি ঐতিহাসিক বৌদ্ধ মঠ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত স্থানসমূহ দেখা পাব ৷ টাৱাং মঠ, মাধুৰী হ্ৰদ, আৰু চেলা পাছ ইয়াৰ প্ৰধান স্থান ৷
৪/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ইউনেস্কোৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰখন এশিঙীয়া গঁড়ৰ এক প্ৰধান বাসস্থান ৷ যদি আপুনি বন্যপ্ৰাণী ভাল পায় তেন্তে এই ঠাইখনে আপোনাক নিশ্চয় ৰোমাঞ্চিত কৰিব ৷ ইয়াত জংঘল ছাফাৰীৰ জৰিয়তে বহুতো জীৱ-জন্তু আৰু চৰাই-চিৰিকটি তথা প্ৰাকৃতিক সৌন্দৰ্যতা উপভোগ কৰিব পাৰে ৷
৫/ গেংটক, ছিকিম
ছিকিমৰ ৰাজধানী গেংটক হিমালয়ৰ সৌন্দৰ্য অনুভৱ কৰোৱাৰ বাবে বিখ্যাত ৷ ছমগো হ্ৰদ, নাথুলা পাছ, ৰুমটেক মঠ আৰু এম জি ৰোডৰ দৰে ঠাইৰ বাবে বিখ্যাত গেংটক চহৰখনে আপোনাক এক বেলেগ অভিজ্ঞতা প্ৰদান কৰিব ৷
৬/ আগৰতলা, ত্ৰিপুৰা
উজ্জয়ন্ত প্ৰাসাদ, নীৰমহল, ছেপাহিজালা আদি ঠাইৰ বাবে বিখ্যাত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা ঐতিহাসিক অট্টালিকা আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে বিখ্যাত ৷ ইয়াত স্থানীয় হস্তশিল্প আৰু বাঁহৰ সামগ্ৰীৰ বজাৰ কৰিব পাৰে ৷
৭/ ইম্ফল, মণিপুৰ
ইম্ফল ইয়াৰ সেউজীয়া ভূ-প্ৰকৃতি আৰু ঐতিহাসিক ঐতিহ্যৰ বাবে জনাজাত ৷ ইয়াত আপুনি নৃত্য আৰু স্থানীয় খাদ্য উপভোগ কৰিব পাৰে ৷ লোকটক হ্ৰদ, কংলা দুৰ্গ আৰু ইমা মাৰ্কেট ইয়াৰ কিছুমান বিশেষ স্থান য’ত আপুনি ভ্ৰমণ কৰিবলৈ যাব পাৰে ৷
৮/ জিৰ’, অৰুণাচল প্ৰদেশ
জিৰ’লৈ গৈ আপুনি প্ৰকৃতিক অতি নিবিড়ভাৱে অনুভৱ কৰিব পাৰিব । সুন্দৰ পৰ্বত, ঘন অৰণ্য, সেউজীয়া ধানখেতি আৰু তাত বাস কৰা লোকসকলে আপোনাৰ হৃদয় জয় কৰিব । জিৰ’ৱে সমগ্ৰ দেশৰ পৰ্যটকক আকৰ্ষিত কৰে । অৱশ্যে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিবলৈ আপুনি তাত চৰকাৰৰ পৰা ইনাৰ লাইন পাৰ্মিট সংগ্ৰহ কৰিব লাগিব ।