ETV Bharat / bharat

দিল্লীৰ বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ সামূহিক ৰাষ্ট্ৰীয় সঁহাৰিৰ প্ৰয়োজন :ৰাহুল গান্ধী - DELHI AIR POLLUTION

দিল্লীৰ বায়ু প্ৰদূষণে সকলোকে শংকিত কৰি তুলিছে ৷ এই সংকট অন্ত কৰিবলৈ সকলোৱে একগোট হৈ আলোচনা কৰাটো প্ৰয়োজন বুলি কয় ৰাহুল গান্ধীয়ে ৷

Air pollution in North India a 'national emergency', MPs must discuss ways to end crisis: Rahul Gandhi
ৰহুল গান্ধী (IANS)
author img

By PTI

Published : Nov 22, 2024, 5:27 PM IST

নতুন দিল্লী : উত্তৰ ভাৰতৰ বায়ু প্ৰদূষণক “ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা” হোৱা বুলি দৃঢ়তাৰে উল্লেখ কৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷ শুকুৰবাৰে তেওঁ সতীৰ্থ সাংসদসকলক আগন্তুক সংসদ অধিৱেশনত একত্ৰিত হৈ জাতিটোৱে কেনেকৈ এই সংকটক চিৰদিনৰ বাবে শেষ কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনায় ।

সংবাদ সংস্থা PTI ৰ বাতৰিত প্ৰকাশিত অনুসৰি, তেওঁ কয় যে বায়ু প্ৰদূষণৰ এই সংকটৰ সময়ত ৰাজনৈতিক কাকো দোষাৰোপ কৰাৰ খেল নহয় ৷ এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সামূহিক ৰাষ্ট্ৰীয় সঁহাৰিৰ প্ৰয়োজন বুলি তেওঁ কয় ।

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে X ত এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত তেওঁ ইয়াৰ ইণ্ডিয়া গেটত পৰিৱেশবিদ বিমলেন্দু ঝাৰ সৈতে বায়ু প্ৰদূষণৰ বিষয়টোৰ ওপৰত বিষদভাৱে আলোচনা কৰে ৷

X ত শ্বেয়াৰ কৰা ভিডিঅ’ পোষ্টটোত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে উত্তৰ ভাৰতত বায়ু প্ৰদূষণ এক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা -- ই এক জনস্বাস্থ্য সংকত ৷ যিয়ে আমাৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰিছে লগতে বৃদ্ধসকলৰ বাবে এক শ্বাসৰুদ্ধকৰ পৰিৱেশ কৰি তুলিছে ৷ এ পৰিৱেশ আৰু অৰ্থনৈতিক দুৰ্যোগ, যিয়ে অগণন জীৱন ধ্বংস কৰি আছে ।

লগতে পঢ়ক : জৰুৰী নহ'লে ঘৰৰ পৰা নোলাব: দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত চিকিৎসকৰ আহ্বান

"আমাৰ মাজৰ বিশেষকৈ আটাইতকৈ দৰিদ্ৰসকল ইয়াৰ ফলত বেছি ক্ষতিগ্ৰস্ত হয়, বিষাক্ত বতাহৰ পৰা তেওঁলোক সাৰি যাব নোৱাৰে । পৰিয়ালবোৰে বিশুদ্ধ বতাহৰ বাবে হাহাকাৰ কৰি আছে, শিশুসকল অসুস্থ হৈ পৰিছে আৰুলাখ লাখ মানুহৰ জীৱন শেষ হ’বলৈ ধৰিছে । পৰ্যটনো হ্ৰাস পাইছে আৰু বিশ্বব্যাপী থকা আমাৰ সুনামো কমি আহিছে ।" লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েয়ে এইদৰে কয় ।

তেওঁ লগতে কয়, "প্ৰদূষণৰ ডাৱৰে শ শ কিলোমিটাৰলৈ বিস্তৃত হৈ আছে । ইয়াক পৰিষ্কাৰ কৰিবলৈ ডাঙৰ পৰিৱৰ্তন আৰু চৰকাৰ, কোম্পানী, বিশেষজ্ঞ আৰু নাগৰিকৰ পৰা নিৰ্ণায়ক ব্যৱস্থাৰ প্ৰয়োজন হ'ব ৷ ই ৰাজনৈতিক দোষ নহয়, ইয়াৰ বাবে সামূহিক জাতীয় সঁহাৰিৰ প্ৰয়োজন ।’’

লগতে পঢ়ক : এতিয়াও দিল্লী ভাৰতৰ ৰাজধানী হৈ থকাৰ যোগ্যতা আছেনে ? শশী থাৰুৰৰ প্ৰশ্ন

কিছুদিনৰ পাছত সংসদৰ বৈঠক হ’লে আমাৰ বিৰক্ত চকু আৰু ডিঙিৰ বিষে সাংসদসকলক সংকটৰ কথা সোঁৱৰাই দিব বুলিও তেওঁ কয় ৷ গান্ধীয়ে কয়, ‘‘ভাৰতে এই মহামাৰীৰ চিৰদিনৰ বাবে কেনেকৈ শেষ কৰিব পাৰে সেই বিষয়ে একত্ৰিত হৈ আলোচনা কৰাটোহে আমাৰ দায়িত্ব ।’’

ভিডিঅ’টোত কংগ্ৰেছৰ নেতাগৰাকীয়ে বায়ু প্ৰদূষণ সংকটৰ কাৰণ সন্দৰ্ভত পৰিৱেশবিদ ভিমলেন্দু ঝাক প্ৰশ্ন কৰে ৷ ঝায়ে উত্তৰত কয় যে ই গোটেই ভাৰতৰ সমস্যা আৰু NCR ত দুটা উৎস আছে - প্ৰাসংগিক উৎস আৰু বহুবৰ্ষজীৱী উৎস । গান্ধীৰ সৈতে হোৱা বাৰ্তালাপত পৰিৱেশবিদগৰাকীয়ে বায়ু প্ৰদূষণৰ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ হ’লে জীৱনশৈলীৰ পৰিৱৰ্তন আনিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : প্ৰদূষণ নিয়ন্ত্ৰণৰ চেষ্টা; চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰা কৰিব লাগিব কাম

লগতে পঢ়ক : সাৱধান ! দিল্লীৰ বায়ুমণ্ডলত ক্ষতিকাৰক গেছৰ পৰিমাণ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.