মুম্বাই : ছলমানৰ চাৰিওফালে এতিয়া অশান্তিৰ পৰিৱেশ ৷ লৰেন্স বিষ্ণৈ দলে শান্তি নাইকিয়া কৰিছে ছলমানৰ লগতে পৰিয়ালৰ ৷ তাৰ মাজতে আকৌ ছলমান খানলৈ বুলি নতুনকৈ ভাবুকি আহিছে ৷ ভাবুকিত কোৱা হৈছিল যে ছলমানে ৫ কোটি টকা পৰিশোধ কৰিলে লৰেন্স বিষ্ণৈৰ সৈতে তেওঁৰ সকলো কথাৰে মীমাংসা কৰা হ’ব ।
ভাবুকিটোত এইটোও কোৱা হৈছিল যে যদি ছলমান খানে এই কাম নকৰে তেন্তে তেওঁৰ অৱস্থাও বাবা ছিদ্দিকীৰ দৰে হ’ব । শেহতীয়াকৈ ৰাজনীতিবিদ তথা ছলমান খানৰ ঘনিষ্ঠ বন্ধু বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা হৈছে, যাৰ দায়িত্ব লৰেন্স বিষ্ণৈ গেঙে লৈছে । পিছে এতিয়া ৫ কোটি টকা বিচাৰি ভাবুকি দিয়াজন এজন শাক-পাচলি বিক্ৰেতাহে ওলাইছে, যাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ভাবুকি দি ক্ষমাও খোজে তেওঁ ।
লগতে পঢ়ক :বিপদে লগ এৰা নাই 'ভাইজান' ছলমান খানৰ ! পিচে অনুৰাগীসকল এইবাৰ চিন্তিত আন এজনক লৈহে
ছলমান খানৰ প্ৰতি এই ভাবুকি মুম্বাই ট্ৰেফিক আৰক্ষীলৈ আহিছিল । অভিযুক্তজনক শ্বেখ হুছেইন মৌছিন (২৪) বুলি চিনাক্ত কৰা হৈছে, যি এজন পাচলি বিক্ৰেতা, যাৰ ঘৰ জামছেদপুৰত । এতিয়া ৱৰ্লি আৰক্ষীয়ে অভিযুক্তজনক ট্ৰেঞ্জিট ৰিমাণ্ডৰ বাবে ঝাৰখণ্ড জিলা আদালতত হাজিৰ কৰাব আৰু তাৰ পিছত ৰিমাণ্ডৰ পিছত তেওঁক মুম্বাইলৈ অনা হ’ব ।