চিটাৰা ডেস্ক, 19 জুলাই :দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ । ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবৰ্ণ (আই এফ এফ এম)ৰ 15 সংখ্যক সংস্কৰণৰ বাবে আৰ আৰ আৰৰ তাৰকা ৰাম চৰণক এম্বেছাডৰ অতিথি হিচাপে ঘোষণা কৰা হৈছে । সন্মানীয় অতিথি হোৱাৰ উপৰিও ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাম চৰণক ভাৰতীয় কলা-সংস্কৃতিৰ ৰাষ্ট্ৰদূত বঁটাৰে সন্মানিত কৰা হ’ব । এই সন্মান লাভ কৰা ভাৰতীয় চিনেমাৰ প্ৰথমজন অভিনেতা হিচাপে পৰিগণিত হৈছে ৰাম চৰণ । ৰাম চৰণৰ ছবি আৰ আৰ আৰে বিশ্বব্যাপী বক্স অফিচত 1000 কোটিতকৈ অধিক টকাৰ ব্যৱসায় কৰিছিল । আৰ আৰ আৰৰ হিট গীত নাটু-নাটুৱে অস্কাৰ অনুষ্ঠানত শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাতো অস্কাৰ লাভ কৰে ।
ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ প্ৰতি বছৰে 15 আগষ্টৰ পৰা 25 আগষ্টলৈ মেলবৰ্ণত ভিক্টোৰিয়ান ৰাজ্য চৰকাৰে আয়োজন কৰে । মেলবৰ্ণ হৈছে দক্ষিণ-পূব অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যৰ উপকূলীয় ৰাজধানী ।
দক্ষিণৰ চুপাৰষ্টাৰ ৰাম চৰণৰ প্ৰতিক্ৰিয়া
ৰাম চৰণে এই সাফল্যক লৈ তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ৰাম চৰণে কয়, "আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় চলচ্চিত্ৰৰ বৈচিত্ৰ্য আৰু সমৃদ্ধি প্ৰদৰ্শন কৰা মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ অংশ হ'বলৈ পাই মই অত্যন্ত সন্মানিত, আমাৰ চলচ্চিত্ৰ উদ্যোগক প্ৰতিনিধিত্ব কৰা আৰু সমগ্ৰ বিশ্বৰ মোৰ অনুৰাগী আৰু চিনেমাপ্ৰেমীসকলৰ সৈতে সংযোগ স্থাপন কৰাটো মোৰ সৌভাগ্যৰ বিষয় । আৰ.আৰ.আৰ.ৰ সফলতা আৰু সমগ্ৰ বিশ্বতে ই লাভ কৰা মৰম যথেষ্ট হৈছে আৰু এই মুহূৰ্তটো মেলবৰ্ণৰ দৰ্শকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মই অত্যন্ত উৎসাহিত আৰু ৰোমাঞ্চিত, মেলবৰ্ণত আমাৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ এই সন্মানীয় সুযোগৰ বাবে মই অপেক্ষা কৰি আছোঁ ।"