অসম

assam

আকৌ আহিছে জানমণি, ৰাজতিলকত জানমণিৰ জনপ্ৰিয় যুটি - Rajtilak Theatre

By ETV Bharat Entertainment Team

Published : Aug 13, 2024, 9:10 PM IST

Rajtilak Theatre 2024-25: আগন্তুক নাট্যবৰ্ষত ৰাজতিলকৰ মঞ্চত থাকিব এটা বিশেষ যুটি । ইতিমধ্যে নাট্যদলটিয়ে জনপ্ৰিয় যুটিটোৰ সৈতে আৰম্ভ কৰিছে নাট্যযাত্ৰাৰ প্ৰস্তুতি । অহা ১৮ আগষ্টত নাট্য যাত্ৰাৰ পাতনি মেলিব নাট্যগোষ্ঠীটোয়ে । আগ্ৰহেৰে ৰৈছে অনুৰাগী

Rajtilak Theatre gears up with a romantic pairing for the 2024-25 theatrical journey
ৰাজতিলকত জানমণিৰ জনপ্ৰিয় যুটি (ETV Bharat Assam)

গুৱাহাটী,১৩ আগষ্ট:এসময়ৰ জনপ্ৰিয় এটা যুটিক এইবাৰ ভ্ৰাম্যমাণৰ মঞ্চত ওচৰৰ পৰা পাব দৰ্শকে । কেইবাখনো ভিচিডি আৰু বিহুগীতৰ জৰিয়তে দৰ্শকক মনমুগ্ধ কৰা এই অভিনেতা-অভিনেত্ৰীৰ যুটিতো এইবাৰ সাজু হৈছে ভ্ৰাম্যমাণ মঞ্চৰ জৰিয়তে দৰ্শকক মনোৰঞ্জন দিবলৈ । ভ্ৰাম্যমাণ এক অন্যতম নাট্যগোষ্ঠী 'ৰাজতিলক থিয়েটাৰ'ত এইবৰ্ষত থাকিব 'জানমণি' খ্যাত শ্যামন্তিকা শৰ্মা আৰু বহুকেইখন ছবি ভিচিডিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰা এগৰাকী জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে ।

ৰাজতিলকৰ মঞ্চত থাকিব এটা বিশেষ যুটি (ETV Bharat Assam)

লগতে অন্যান্য চৰিত্ৰসমূহ ৰূপায়ণ কৰিব মঞ্চৰ বলিষ্ঠ অভিনেতা বিনয় ডেকা, মিতুল বালাজী, জিনু বড়ো, নয়ন কৌশিক, বন্দনা ডেকা, উৎপল ঠাকুৰীয়া, ৰাকেশ দাস, মনোজ কাশ্যপ আদিৰ দৰে ন-পুৰণি মঞ্চাভিজ্ঞ শিল্পীয়ে । ইফালে অন্যান্য নাট্যগোষ্ঠীসমূহৰ দৰে আগন্তুক ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হৈ উঠিছে ৰাজতিলক থিয়েটাৰ গোষ্ঠী ।

আকৌ আহিছে জানমণি (ETV Bharat Assam)

তিনিখন নাটকেৰে সাজু হৈছে নাট্যদলটো । পূৰ্ণ্যোদ্যমেৰে চলি আছে নাটকৰ অন্তিম পৰ্যায়ৰ আখৰা । এই বৰ্ষৰ ৰাজতিলক থিয়েটাৰৰ নাট তিনিখন হৈছে অভিজিৎ ভট্টাচাৰ্যৰ 'ৰাজপথৰ ৰাজকুমাৰী', প্ৰণৱ বৰুৱাৰ 'নীলা চকুৰ গান' আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ 'অভিযন্তাৰ সেন্দুৰীয়া মন' । 'ৰাজপথৰ ৰাজকুমাৰী' নাটখনৰ আৱহ সংগীত কৰিছে অসমৰ জনপ্রিয় সংগীত পৰিচালক অৰূপজ্যোতি বৰুৱাই ।

ৰাজতিলকত জানমণিৰ জনপ্ৰিয় যুটি (ETV Bharat Assam)

ইতিমধ্যে এই নাটখনৰ 'কাজল আনি দিম...'শীর্ষক গীতটিয়ে সমাজিক মাধ্যমত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । গীতটিত কন্ঠদান কৰিছে প্ৰাণদ্বীপ আৰু নীলাভ নীতাই । ইফালে 'নীলা চকুৰ গান' নাটখনৰ আৱহ সংগীত সজাইছে অজয় ফুকনে । উল্লেখযোগ্য যে ,অহা ১৮ আগষ্টত ৰাজতিলক থিয়েটাৰে নাট্যযাত্ৰাৰ পাতনি মেলি ৰাইজৰ মাজলৈ ওলাই আহিব । এই কথা জানিবলৈ দিয়ে পৰিকল্পক অনুপ দাস আৰু সম্পাদক হীৰকজ্যোতি হাজৰিকাই ।

লগতে পঢ়ক:আগন্তুক নাট্যবৰ্ষৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰত নাথাকে ৰবি শৰ্মা, স্পষ্ট কৰিলে অভিনেতাগৰাকীয়ে

মা ষ্টুডিঅ'ত মুক্তি পালে 'লেডী ম্যাকবেথ'ৰ প্রম' ভিডিঅ - Abahan Theatre

দৰ্শকৰ মন হৰিবলৈ প্ৰস্তুতি চলোৱাত ব্যস্ত প্ৰস্তুতি পৰাশৰ - Abahan Theatre

ABOUT THE AUTHOR

...view details