অসম

assam

ETV Bharat / entertainment

ৱায়ানাডৰ ভূমিস্খলন: 2 কোটি টকাৰ সাহায্য অভিনেতা প্ৰভাসৰ - Prabhas helps Wayanad victim - PRABHAS HELPS WAYANAD VICTIM

Wayanad Landslide: ‘বাহুবলী’ৰ তাৰকা প্ৰভাসে ৱায়ানাড ভূমিস্খলনত আক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াই কেৰালাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে 2 কোটি টকাৰ অনুদান ৷

Prabhas came forward to help the victims he donates Rs 2 crore for Wayanad landslide relief
ভুক্তভোগীলৈ সাহায্য প্ৰভাসৰ (ETV Bharat Assam/ANI)

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 1:25 PM IST

চিটাৰা ডেস্ক, 7 আগষ্ট:কেৰালাৰ ৱায়ানাড ভূমিস্খলনৰ ঘটনাই দেশজুৰি তুলিছে কান্দোনৰ ৰোল ৷ সকলোৱে পাৰ্যমানে সহায় আগবঢ়াইছে ৷ সমান্তৰালকৈ এজনৰ পিচত এজনকৈ দক্ষিণৰ তাৰকাসকলে ভুক্তভোগী পৰিয়ালবোৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ।

তামিল চুপাৰষ্টাৰ চিয়ান বিক্ৰমে শেহতীয়াকৈ ভুক্তভোগীসকলক সহায় কৰিবলৈ কেৰালাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে 20 লাখ টকাৰ অনুদান ৷ সম্প্ৰতি 'বাহুবলী' খ্যাত তাৰকা অভিনেতা প্ৰভাসে ৱায়ানাড ভূমিস্খলনৰ ভুক্তভোগীসকলক সহায়ৰ হাত আগবঢ়াইছে । শেহতীয়াকৈ 'কল্কি 2898 এডি'ৰ অপৰিসীম সফলতা উপভোগ কৰি থকা প্ৰভাসে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 2 কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।

সম্প্ৰতি প্ৰভাস অভিনীত মেগা-ব্লকবাষ্টাৰ ছবি কল্কি 2898 এডি বাতৰিৰ শিৰোনামত আছে । কল্কি 2898 এডি ছবিখন 27 জুনত বিশ্বজুৰি মুক্তি দিয়া হৈছিল আৰু বক্স অফিচত ছবিখনে 41 দিন সম্পূৰ্ণ কৰিছে । কল্কি 2898 এডি ছবিখনে ভাৰতীয় বক্স অফিচত শ্বাহৰুখ খানৰ সৰ্বকালৰ ব্লকবাষ্টাৰ ছবি জৱানৰ ঘৰুৱা উপাৰ্জনৰ অভিলেখ ভংগ কৰিছে ।

কল্কি 2898 এডিয়ে 41 দিনত জৱানৰ অভিলেখ অতিক্ৰম কৰিছে । জৱানে ভাৰতীয় বক্স অফিচত 640.25 কোটি টকা উপাৰ্জন কৰিছিল আৰু কল্কি 2898 এডিয়ে 644.38 কোটি টকা উপাৰ্জন কৰে ।

খবৰ অনুসৰি, প্ৰভাসে ৱায়ানাড ভূমিস্খলনৰ ভুক্তভোগীসকলৰ বাবে 2 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে । ইয়াৰ পূৰ্বে আল্লু অৰ্জুনে 50 লাখ টকা, মেগা তাৰকা চিৰঞ্জীৱী আৰু তাৰকা পুত্ৰ ৰামচৰণে ৱায়ানাড ভূমিস্খলনত ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা আগবঢ়াইছিল ৷

উল্লেখ্য যে, ৱায়ানাডৰ ভূমিস্খলনত নিহত হোৱা ব্যক্তিৰ সংখ্যা 400 লৈ বৃদ্ধি পাইছে আৰু প্ৰায় 200 জন লোক এতিয়াও সন্ধানহীন হৈ আছে । বিগত 30 জুলাইত কেৰালাৰ ৱায়ানাড জিলাৰ মেপ্পাডিৰ কেইবাটাও পাহাৰীয়া অঞ্চলত ভূমিস্খলনে বিধ্বংসীৰূপ ধাৰণ কৰিছিল । সেনাই এতিয়াও চুৰামালা আৰু মুণ্ডাক্কাইৰ ভূমিস্খলন সংঘটিত অঞ্চলত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে ।

লগতে পঢ়ক :পুনৰ ছবিগৃহলৈ গদৰ-2, কিন্তু কিয় ? - Gadar 2 re release

ABOUT THE AUTHOR

...view details