চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী: ২০১২ চনত মুক্তি পোৱা ছুপাৰষ্টাৰ পৱন কল্যাণৰ ছবি ‘কেমেৰামেন গংগাথো ৰামবাবু’ পুনৰবাৰ ছবিগৃহত মুক্তি পালে । এই ছবিখন পৰিচালনা কৰিছে বিখ্যাত পৰিচালক পুৰী জগন্নাধে ৷ আনহাতে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে তমন্না ভাটিয়া আৰু পৱন কল্যাণে । ইফালে ছুপাৰষ্টাৰ পৱন কল্যাণ অভিনীত ছবি ‘কেমেৰামেন গংগাথো ৰামবাবু’ৰ পুনৰ মুক্তি দি বিপদত পৰিছে নন্দিয়ালাৰ এটা থিয়েটাৰৰ মালিক ৷ আচলতে নিজৰ প্ৰিয় তাৰকাগৰাকীৰ পুনৰ মুক্তি উদযাপনৰ বাবে একাংশ অনুৰাগীয়ে থিয়েটাৰৰ ভিতৰতে লগাই দিলে জুই, যাৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
অনুৰাগীয়ে চিনেমাহলত লগাই দিলে জুই
এএনআইয়ে এক্সত একাউন্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ‘‘পৱন কল্যাণৰ ছবি কেমেৰামেন গংগাথো ৰামবাবু পুনৰ মুক্তিৰ সময়ত অনুৰাগীয়ে নন্দিয়ালাৰ এটা থিয়েটাৰৰ ভিতৰত কাগজৰ টুকুৰা জ্বলাই দিয়ে ।’’ ভিডিঅ’টোত অনুৰাগীয়ে কাগজৰ টুকুৰাবোৰ জ্বলাই চিঞৰি উদযাপন কৰা দেখা যায় । জুই লগাই পৱন কল্যাণক উল্লাস কৰা দেখা যায় । ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে ব্যৱহাৰকাৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।
ইয়াত চাওক ভিডিঅ’টো -