চিটাৰা ডেস্ক, 8 আগষ্ট :ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটক পেৰিছ 2024 অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰাত হতাশা প্ৰকাশ কৰিছে অনুষ্কা শৰ্মা আৰু ছাৰা আলী খানে । মল্লযুঁজাৰুগৰাকীক উৎসাহিত কৰিবলৈ তেওঁ ছ’চিয়েল মিডিয়াত এটা টোকা শ্বেয়াৰ কৰিছে । ইয়াৰ পূৰ্বে আলিয়া ভাট, ৰণবীৰ সিং, স্বৰা ভাস্কৰ, কৰীণা কাপুৰ, মালাইকা অৰোৰা, তাপসী পন্নুকে ধৰি বহু চেলেব্ৰিটীয়ে বিনেশক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছিল ।
বিনেশ ফোগাটৰ অযোগ্যতা আৰু অৱসৰৰ ঘোষণাত মৰ্মাহত হৈ পৰিছে অনুষ্কা শৰ্মা । তেওঁ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম ষ্ট’ৰীত বিনেশৰ বাবে এটা বিশেষ টোকা শ্বেয়াৰ কৰিছে ৷ য’ত লিখা আছে, ‘‘আমি সকলোৱে দুখী ৷ কিন্তু আপুনি নিশ্চয় কি অৱস্থাৰ মাজেৰে পাৰ হৈ গৈছে ৷ মই কল্পনাও কৰিব পৰা নাই । আপুনি এজন প্ৰকৃত চেম্পিয়ন । আপুনি আমাক ভাৰতীয় হিচাপে গৌৰৱান্বিত কৰে । পৃথিৱীয়ে আপোনাক পুনৰ উদযাপন কৰিব ।’’
ছাৰা আলী খান
বিনেশক সমৰ্থন জনাবলৈ ছাৰা আলী খানো আগবাঢ়ি আহিছে । তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বিনেশৰ এখন ছবি পোষ্ট কৰি কেপশ্যনত লিখিছে, ‘‘বিনেশ ফোগাট, আপুনি আমাৰ সকলোৰে বাবে এজন প্ৰকৃত চেম্পিয়ন । আপোনালোকক লৈ আমি গৌৰৱান্বিত ।’’
কৰণ জোহৰ
বিনেশ ফোগাটৰ বাবে এক উষ্ম বাৰ্তা শ্বেয়াৰ কৰিছে ছবি নিৰ্মাতাগৰাকীয়ে । মল্লযুঁজাৰুৰ হৈ তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘‘বিনেশ ফোগাটে ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰিছে । তেওঁৰ অধ্যৱসায়, শক্তি আৰু অজেয়তাৰ অনুভৱেই তেওঁৰ বাবে পদক । তেওঁ সোণৰ দৰে । কিংবদন্তী । পিৰিয়ড ।’’ অনিল কাপুৰ, সুনীল শ্বেট্টী, বৰুণ ধৱন, সনু ছুদকে ধৰি বহু তাৰকাই বিনেশ ফোগাটৰ মনোবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে ।