অসম

assam

সন্দীপ ৰেড্ডী ভাংগাৰ ওপৰত হঠাৎ কিয় খং উঠিল কিৰণ ৰাওৰ ?

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 1:18 PM IST

Kiran Rao: সন্দীপ ৰেড্ডী ভাংগাই শেহতীয়াকৈ এনিমেলক সমালোচনা কৰা কিৰণ ৰাওক আমিৰ খানৰ ছবি চাবলৈ পৰামৰ্শ দিছিল । এতিয়া এই বিষয়ত কিৰণ ৰাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

'No Assumptions; Reported Fact': Team Animal Hits Back after Kiran Rao Denies Criticising Film
সন্দীপ ৰেড্ডী ভাংগাৰ সন্দৰ্ভত কি ক’লে কিৰণ ৰাৱে

চিটাৰা ডেস্ক, ৬ ফেব্ৰুৱাৰী: ২০২৩ চনত মুক্তি পোৱা সন্দীপ ৰেড্ডী ভাংগাৰ ছবি এনিমেল আছিল ব্লকবাষ্টাৰ । অৱশ্যে বহুতে ‘এনিমেল’ ছবিখনক ভাল পোৱাৰ বিপৰীতে বহুতে সমালোচনাও কৰিছিল । সমালোচনা কৰা সকলৰ ভিতৰত আছিল কিৰণ ৰাও ৷ দৰাচলতে কিৰণ ৰাৱে এনিমেলক সমালোচনা কৰিছিল, যিটো সন্দীপ ৰেড্ডী ভাংগাই বৰ বিশেষ ভাল নাপালে ৷ ইয়াৰ পিচত পৰিচালকজনে কিৰণ ৰাওক আমিৰ খানৰ ছবি চাবলৈ পৰামৰ্শ দিয়ে । এতিয়া কিৰণ ৰাৱে এই সন্দৰ্ভত ভাংগাক প্ৰত্যুত্তৰ দিছে ।

সন্দীপ ৰেড্ডী ভাংগাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কিৰণ ৰাওৰ

শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কিৰণ ৰাৱে কয়,‘‘মই কেতিয়াও সন্দীপৰ ছবিৰ ওপৰত কোনো মন্তব্য দিয়া নাই কাৰণ মই কেতিয়াও তেওঁৰ ছবি চোৱা নাই । মই প্ৰায়ে পৰ্দাত নাৰীৰ প্ৰতিনিধিত্বৰ কথা কৈছো । এই বিষয়ে বহুবাৰ বহু মঞ্চতো কৈছো । কিন্তু মই কেতিয়াও কোনো ছবিৰ নাম লোৱা নাছিলো কাৰণ ইয়াত কোনো বিশেষ ছবিৰ বিষয়ে কোৱা নাছিলো । তেওঁক সুধিব লাগিব যে মিষ্টাৰ ভাংগাই কিয় ধৰি লৈছে যে মই তেওঁৰ ছবিখনৰ কথাকে কৈছো । তেওঁৰ ছবিখন মই কেতিয়াও চোৱাই নাই ।’’

প্ৰাক্তন স্বামী আমিৰ খানৰ প্ৰশংসা কৰি কিৰণে কয় যে ৰেড্ডী ভাংগাই কৈছিল যে আমিৰে নিজেই ‘খাম্বে জয়ছি খাড়ি হে’ৰ দৰে নাৰী বিৰোধী গীত কৰিছিল । এই সন্দৰ্ভত কিৰণ ৰাৱে কয় যে ইয়াৰ বাবে ক্ষমা বিচৰা কেইজনমান লোকৰ ভিতৰত তেওঁৰ প্ৰাক্তন স্বামীও অন্যতম । তেওঁ কয় যে নিজৰ কাম চাই পিচলৈ ঘূৰি চাই কিবা ভুল কৰাৰ বাবে ক্ষমা খুজিব পৰা মানুহ অতি কমেইহে আছে ।

সন্দীপ ৰেড্ডী ভাংগাৰ সন্দৰ্ভত কি ক’লে কিৰণ ৰাৱে

আমিৰ খানৰ সৈতে পোনপটীয়াকৈ কথা পাতক ভাংগাই

ৰাৱে লগতে কয় যে যদি সন্দীপ ৰেড্ডী ভাংগাৰ আমিৰৰ সৈতে আলোচনা কৰিবলগীয়া নিৰ্দিষ্ট বিষয় আছে, তেন্তে তেওঁ আমিৰৰ সৈতে পোনপটীয়াকৈ কথা পাতিব লাগে । তেওঁ স্পষ্ট কৰি দিয়ে যে আমিৰ খানৰ কামৰ বাবে তেওঁ জবাবদিহি নহয় আৰু ভাংগাই নিজৰ প্ৰশ্ন আমিৰ খানৰ ওচৰলৈ নিৰ্দেশিত কৰিব লাগে ।

লগতে পঢ়ক:সন্দীপ ৰেড্ডী ভাংগাৰ প্ৰস্তাৱৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কংগনা ৰনৌতৰ

ABOUT THE AUTHOR

...view details