ETV Bharat / entertainment

প্ৰসংগ : মঞ্চত অভিনেত্ৰীৰ বস্ত্ৰ খুলি পৰা ভিডিঅ', হাতযোৰ কৰি অনুৰোধ অভিনেত্ৰীৰ - MOBILE THEATRE CONTROVERSY

author img

By ETV Bharat Entertainment Team

Published : Sep 7, 2024, 7:49 PM IST

Mobile theatre controversy : তুংগত উঠিছে ভ্ৰাম্যমান বিতৰ্ক । এগৰাকী অভিনেত্ৰীৰ বস্ত্ৰ খুলি পৰা ভিডিঅ' ভাইৰেল সামাজিক মাধ্যমত । বিষয়টোক লৈ প্ৰতিক্ৰিয়া ভ্ৰাম্যমান শিল্পীৰ । অভিনেত্ৰীয়ে হাতযোৰ কৰি ক'লে,"ট্ৰ'ল কৰাৰ আগত এবাৰ ভাবি চাওক ।"

Actress Sharmistha Chakraborty reacts on an actress accidentally fell down her clothes on stage
হাতযোৰ কৰি অনুৰোধ অভিনেত্ৰীৰ (ETV Bharat Assam)

পাঠশালা,৮ ছেপ্টেম্বৰ: ভ্ৰাম্যমান থিয়েটাৰ নে চাৰ্কাছ ? এই বিতৰ্কই অসমৰ সাংস্কৃতিক জগতক জোকাৰি যোৱাৰ সময়ত সামাজিক মাধ্যমত ব্যাপক ট্ৰ’লৰ সন্মুখীন হৈছে ভ্ৰাম্যমান থিয়েটাৰ শিল্প আৰু শিল্পীসকল । তাৰ মাজতেই ঘটিছে আন এক অঘটন । এখন ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী অভিনেত্ৰীয়ে মঞ্চত নৃত্য কৰি থাকোতেই দুৰ্ভাগ্যক্ৰমে বস্ত্ৰ খুলি পৰা ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে । লগতে নেটিজেনসকলে ট্ৰ’লৰ লক্ষ্য কৰি লয় অভিনেত্ৰীগৰাকী তথা ভ্ৰাম্যমান থিয়েটাৰকো ।

এই বিষয়ত ভ্ৰাম্যমানৰ এগৰাকী অভিনেত্ৰীৰ হাতযোৰ কৰি অসমবাসীলৈ কাতৰ আহ্বান । অভিনেত্ৰী গৰাকী হ’ল শৰ্মিষ্ঠা চক্ৰৱৰ্তী । অভিনেত্ৰীগৰাকীয়ে এই বছৰ অভিনয় কৰিছে ইতিহাস থিয়েটাৰত । পাঠশালাত থিয়েটাৰখনৰ দৰ্শনী চলি থকাৰ মাজতেই চাৰ্কাছ, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু সমালোচনা সন্দৰ্ভত ভ্ৰাম্যমাণৰ অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ হাতযোৰ কৰি আবেগিক আহ্বান, “অভিনেতা-অভিনেত্ৰীসকলক ট্ৰ'ল কৰোতে ভাবি-চিন্তি পোষ্ট দিয়ক । ভ্ৰাম্যমানত মহিলা শিল্পী এগৰাকীৰ পোচাক খুলি পৰাক লৈ যি ভিডিঅ’ শ্বেয়াৰ হৈছে সেয়া দুখ লগা । তেনে কাম যাতে কোনেও নকৰে হাতযোৰ কৰি অনুৰোধ জনালো ।”

লগতে বিষয়টোক লৈ আবেগিক হৈ পৰা অভিনেত্ৰীগৰাকীয়ে কয়,“আজি তেওঁৰ হৈছে । কাইলৈ বেলেগ কিবা এটা মোৰো হ’ব পাৰে । যি কোনো শিল্পীৰ ক্ষেত্ৰত তেনে অবাঞ্চিত মুহূৰ্ত আহিব পাৰে । কিন্তু এনেদৰে ৰাইজে যাতে দুখ নিদিয়ে তাৰ বাবে অনুৰোধ জনালো ।”

আনহাতে, ভ্ৰাম্যমান নে চাৰ্কাছ বিতৰ্ক সন্দৰ্ভতো অভিনেত্ৰীগৰাকীৰ মন্তব্য,“ এয়া কাৰিকৰী দিশ । কেতিয়াবা পথেদি খোজ কাঢ়ি গৈ থাকোতেও দুৰ্ঘটনা হ’ব পাৰে । কেতেয়াবা এনে সৰু-সুৰা দুৰ্ঘটনা ঘটে । প্লিজ আমাক ট্ৰ’ল নকৰিব । ট্ৰ’ল কৰাৰ আগতে এবাৰ ভাবিব । এনে কাৰিকৰী দিশ ৰাইজে আকোঁৱালি লৈছে ।”

লগতে পঢ়ক: ইতিহাসৰ মঞ্চত অঘটন : নাচোতে পৰিল শ্যামন্তিকা, বাইক চলাই পৰিল যতীন - Jatin ShyamontikaTheatre accident

কৃষ্ণ জন্মাষ্টমীৰ দিনাই নলবাৰীত আত্মপ্ৰকাশ নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীৰ - Mondakini Bhramyaman theatre

মঞ্চত চমক সৃষ্টি কৰিবলৈ যাওতে দৰ্শকৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াইছে ভ্ৰাম্যমাণ থিয়েটাৰে ! - Mobile theatre in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.