ETV Bharat / entertainment

চাৰ্কাছ বেলেগ, ভ্ৰাম্যমাণ বেলেগ : যতীন বৰা - bhramyaman theatre controversy

author img

By ETV Bharat Entertainment Team

Published : Sep 7, 2024, 6:38 PM IST

Theatre controversy: বহুত ভিৰ দৰ্শকৰ  ৷ হেৰুৱা মৰম যেন ঘূৰাই পাইছে যতীন বৰাই  ৷ ভ্ৰাম্যমাণ চাৰ্কাছ নহয় বুলি কি যুক্তি দিলে যতীন বৰাই শুনক তেওঁৰ মুখেৰেই-

Jatin Bora Maharaja and theatre controversy
ভ্ৰাম্যমাণত দৰ্শকৰ ভিৰ (ETV Bharat Assam)

পাঠশালা, 7 ছেপ্টেম্বৰ : ভ্ৰাম্যমাণ থিয়েটাৰে যেন ভাল দিন ঘূৰাই আনিছে অভিনেতা যতীন বৰাৰ । ৰাজনৈতিক চাকনৈয়াত ৰাইজৰ হেৰুৱা মৰম যেন ঘূৰাই পাইছে অভিনেতা যতীন বৰাই ৷ সামাজিক-ৰাজনৈতিক কাৰণত অসমৰ ৰাইজে যতীন বৰাৰ শেহতীয়া ছবি 'ৰাঘৱ’ চোৱাৰ পৰা একপ্ৰকাৰ বিৰত আছিল ৷ কা আন্দোলনৰ সময়ৰ পৰা নিজৰ ৰাজনৈতিক স্থিতিৰ বাবে অসমৰ জনতাৰ ক্ষোভৰ সন্মুখীন হৈ আহিছিল যতীন বৰা । যাৰ ফল ভুগিবলগীয়া হৈছিল তেওঁ নিজৰ 'ৰাঘৱ’ স্ক্ৰীণিঙৰ সময়ত ৷ দৰ্শকৰ পৰা লাভ কৰা নাছিল আশা কৰাৰ দৰে সঁহাৰি ৷

কলা-কুশলীৰ মন্তব্য (ETV Bharat Assam)

যতীন বৰা অসমৰ মঞ্চ আৰু ৰূপালী পৰ্দা দুয়োটা মাধ্যমতে এগৰাকী সমাদৃত সফল অভিনেতা ৷ ‘ৰাঘৱ’ ছবিৰ বিফলতাৰ পাছত এইবাৰ 2024-25 বৰ্ষত যতীন বৰা উভতি আহিছে ইতিহাস থিয়েটাৰৰ যোগেদি থিয়েটাৰৰ মঞ্চলৈ ৷ এতিয়া ভ্ৰাম্যমাণৰ মঞ্চত যতীন বৰা অভিনীত নাটক ‘মহাৰাজ’ চাবলৈ নাট্যপ্ৰেমীৰ হেতাওপৰা লাগিছে ৷ এতিয়া নামনি অসমৰ বিভিন্ন ঠাইত মঞ্চস্থ হৈ আছে যতীন বৰা অভিনীত ইতিহাসৰ নাটকসমূহ ৷

theatre artists react to controversy regarding technical issues
দৰ্শকৰ ভিৰ (ETV Bharat Assam)

চাৰ্কাছ নে ভ্ৰাম্যমাণ বিতৰ্ক ?

এই সন্দৰ্ভত মুখ খুলিছে যতীন বৰাই ৷ সম্প্ৰতি ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকসমূহ চাৰ্কাছলৈ পৰিণত হৈছে । এইবাৰ ভ্ৰাম্যমাণৰ নাট্যবৰ্ষৰ আৰম্ভণিতেই এই বিতৰ্কত সোমাই পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰ । মাত্ৰ কেইদিনমান আগতে যতীন বৰাই দৰ্শকৰ মাজেৰে মটৰ চাইকেল চলাই চমক দিবলৈ যাওতে মটৰ চাইকেলসহ দৰ্শকৰ মাজত সৰি পৰিছিল । একেদৰে আন এখন থিয়েটাৰত অভিনেত্ৰী শ্যামন্তিকা শৰ্মাও খহি পৰিছিল দৰ্শকৰ মাজত । প্ৰস্তুতি পৰাশৰ অভিনীত নাটকত আতচবাজীত আহত হ’বলগীয়া হৈছিল দৰ্শক ৷ তাৰ পাছতেই ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটে—“এয়া ভ্ৰাম্যমাণ নে চাৰ্কাছ ?”

এই বিষয়ত মুখ খুলিছে যতীন বৰাই ৷ তেওঁ কয়, “ভ্ৰাম্যমাণ চাৰ্কাছ নহয়, কিছু কাৰিকৰী কৌশলহে থাকে l কিন্তু মূল কথা নাটক ভাল হ'বই লাগিব l” যতীন বৰাই লগতে কয় যে এতিয়া তেওঁ ৰাইজৰ মৰমত আপ্লুত হৈ পৰিছে l

নিজৰ ছবি 'ৰাঘৱ’ক লৈয়ো মত প্ৰকাশ কৰিছে যতীন বৰাই ৷ কিন্তু এতিয়া সকলো পাহৰি যেতিয়ালৈ শৰীৰত অভিনয় কৰাৰ সামৰ্থ্য থাকে তেতিয়ালৈ ভ্ৰাম্যমাণত ৰৈ যাব বুলি জানিবলৈ দিছে যতীন বৰাই l হয়তো ভ্ৰাম্যমাণত প্ৰস্তুতি পৰাশৰৰ পিছত প্ৰযোজক ৰূপেও তেওঁক দেখা পোৱা যাব পাৰে । চুমী বৰা বিতৰ্ক সন্দৰ্ভত তেওঁ বিশেষ একো মন্তব্য নকৰে ৷ সকলো কথা ফেচবুকত স্পষ্টকৈ প্ৰকাশ কৰা বুলি কৈ তেওঁ এৰাই চলে ৷ কেৱল নাটকৰ লগত জড়িত বিষয়তহে নিজৰ মত প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷

‘মহাৰাজ’ৰ সফলতা

ইতিহাস থিয়েটাৰৰ ‘মহাৰাজ’ নাটকৰ প্ৰতি দৰ্শকৰ বিপুল সঁহাৰি । দৰ্শকৰ বিপুল ভিৰ দিখা গৈছে মহাৰাজ নাটকখনত । তেওঁৰ অভিনয়, সংলাপ, নৃত্য প্ৰত্যক্ষ কৰি নাটকৰ পিছত দৰ্শকৰ এতিয়া যতীন বৰাৰ সৈতে ছেলফি উঠাৰ ভিৰ ৷ যতীন বৰাৰ সমানে অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী, আশা ফুকন, বিপুল বৰা আদি শিল্পীৰ অভিনয়ে জনপ্ৰিয় কৰি তুলিছে নাটকখন ৷ মহাৰাজ নাটৰ উপৰিও জুয়ে পোৰা সোণ, মহাবীৰ লাচিত নাটকো ইতিহাস থিয়েটাৰৰ আন দুখন সমাদৃত নাটক ৷

লগতে পঢ়ক : ভৱেন বৰুৱা বঁটা 2024 ৰে সন্মানিত বিশিষ্ট অভিনেত্ৰী ৰীণা বৰা - Rina Bora Bhaben Baruah Award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.