ETV Bharat / international

দুৰ্ঘটনাত পতিত ডেল্টাৰ বিমান; বহু যাত্ৰী আহত, বন্ধ কৰা হ’ল দুটা ৰাণৱে - PLANE CRASH

দুৰ্ঘটনাত পতিত আৰু এখন যাত্ৰীবাহী বিমান ৷ প্ৰায় ১৭ জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ৰাণৱে ৷

Canada: Toronto airport closes two runways after Delta plane crash
বিমান দুৰ্ঘটনা (AFP)
author img

By ANI

Published : Feb 18, 2025, 10:56 AM IST

অন্টাৰিঅ’ (কানাডা) : পুনৰ বিমান দুৰ্ঘটনাৰ খবৰ ৷ বিমানবন্দৰত অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে এখন বিমান দুৰ্ঘটনাত পতিত হয় ৷ জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল প্ৰায় ৮০ জন যাত্ৰী ৷ এই দুৰ্ঘটনাত প্ৰায় ১৭ জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে ৷ বিমান কৰ্তৃপক্ষই উল্লেখ কৰা মতে, এই দুৰ্ঘটনাৰ ফলত কোনো যাত্ৰীৰে মৃত্যু হোৱা নাই ৷

আমি উল্লেখ কৰা এই বিমান দুৰ্ঘটনাটো সংঘটিত হৈছে কানাডাৰ টৰন্টো পিয়ৰছন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Toronto Pearson International Airport) ৷ সোমবাৰে বিমানবন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে ডেল্টা এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বৰফৰ মাটিত ওলোটাকৈ উলটি যায় । বিমানবন্দৰৰ CEO ডেব’ৰা ফ্লিণ্টে সংবাদ সংস্থা CNN ৰ আগত জনোৱা মতে, দুৰ্ঘটনাৰ পাছত বিমানবন্দৰৰ দুটা ৰাণৱে বন্ধ কৰি দিয়া হয় ৷ ইতিমধ্যে বিষয়াসকলে এই ঘটনাৰ তদন্ত চলাই আছে ।

বিমানবন্দৰৰ CEO গৰাকীয়ে CNN ৰ আগত কয়, ‘‘স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৫ বজাত এই দুৰ্ঘটনাৰ পিছতে বিমানবন্দৰৰ আন তিনিটা ৰাণৱেত সকলো আগমন আৰু প্ৰস্থান তৎক্ষণাত বন্ধ কৰি দিয়া হয় ৷’’

লগতে তেওঁ কয়, ‘‘তদন্তৰ বাবে বাকী দুটা ৰাণৱে আজি ৰাতিৰ পৰা আগন্তুক কিছুদিনলৈ বন্ধ হৈ থাকিব ।’’ CEO গৰাকীয়ে আৰু কয়, ‘‘এই দুৰ্ঘটনাত ১৭ জন যাত্ৰী আহত হৈছে ৷ বিমানখনত থকা ৭৬ জন যাত্ৰীৰ ভিতৰত ২২ জন কানাডাৰ, বাকীসকল অন্য দেশৰ ।’’

লগতে পঢ়ক : মাজ আকাশত যাত্ৰীবাহী বিমান-সেনাৰ হেলিকপ্টাৰৰ সংঘৰ্ষ, কেবাজনৰো মৃত্যুৰ আশংকা

লগতে পঢ়ক : কেলিফৰ্ণিয়াত বিমান দুৰ্ঘটনা; ২ জনৰ মৃত্যু

ইয়াৰ পূৰ্বে ডেল্টা এয়াৰলাইন্সে এই দুৰ্ঘটনাত ১৮ জন যাত্ৰী আহত হোৱা বুলি জনাইছিল ৷ লগতে তেওঁ কৈছিল যে এই দুৰ্ঘটনাত কোনো লোকৰে মৃত্যু হোৱা নাই ।

X-ৰ এটা পোষ্টত ডেল্টা এয়াৰলাইন্সে কয়, "এণ্ডেভাৰ এয়াৰে CRJ-900 বিমান ব্যৱহাৰ কৰি পৰিচালিত ডেল্টা কানেকচন flight 4819 সোমবাৰে টৰন্টো পিয়ৰচন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (YYZ) প্ৰায় ২:১৫ বজাত (পূৰ্ৱীয় সময়) একক বিমান দুৰ্ঘটনাত পতিত হয় । বিমানখন মিনিয়াপলিছ-চেণ্ট পল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা (MSP) উৰা মাৰিছিল ।"

"প্ৰাথমিক প্ৰতিবেদন মতে, কোনো লোকৰ মৃত্যু হোৱা নাই আৰু আঘাতপ্ৰাপ্ত ১৮ জন লোকক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । আমাৰ মূল উদ্দেশ্য হৈছে আহতসকলৰ যত্ন লোৱা ।" X-ৰ পোষ্টটোত ডেল্টা এয়াৰলাইন্সে কয় ৷

দুৰ্ঘটনাৰ পিছত ডেল্টা এয়াৰলাইন্সৰ CEO এড বেষ্টিয়ানে কয়, "টৰন্টো-পিয়ৰচন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আজিৰ এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলৰ সৈতে ডেল্টা পৰিয়াল সদায় আছে ।’’

উল্লেখ্য যে, বিমানখনত মুঠ ৮০ জন লোক আছিল ৷ ইয়াৰে ৭৬ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ ।

লগতে পঢ়ক : মধ্যপ্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ; কথমপি প্ৰাণৰক্ষা পাইলটৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.