ETV Bharat / entertainment

মই বেআইনী কাম কৰা নাছিলো, এতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰো : দীক্ষু শৰ্মা - Sumi Bora Bishal Phukan

author img

By ETV Bharat Entertainment Team

Published : Sep 7, 2024, 6:40 PM IST

Singer Dikshu Sarma: জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাই পাইছে মানসিক কষ্ট ৷ ‘মই মানসিকভাৱে ভাগি পৰিছো । মানসিকভাৱে বৰ কষ্ট পাইছো । কষ্টোপাৰ্জিত ধনেৰে মই ঘৰ আৰু গাড়ী কিনিছো ।' খোদ শিল্পীগৰাকীয়ে ক’লে এই কথা ৷

singer Dikshu Sarma
দীক্ষু শৰ্মা-চুমী বৰা (Image Source: Instagram)

গুৱাহাটী, 7 ছেপ্টেম্বৰ : ‘মই মানসিকভাৱে ভাগি পৰিছো । মানসিকভাৱে বৰ কষ্ট পাইছো । কষ্টোপাৰ্জিত ধনেৰে মই ঘৰ আৰু গাড়ী কিনিছো । বেংকত মোৰ এতিয়াও ঋণ আছে’ - এই মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ । অনলাইন ট্ৰেডিঙৰ বিয়াগোম কেলেংকাৰী পোহৰলৈ অহাৰ পিছতেই বহু শিল্পীৰ নাম ইয়াৰ সৈতে সাঙোৰ খাই পৰিছে । বিশেষকৈ বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পিছত এই কেলেংকাৰীৰে জড়িত বহুকেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

দীক্ষু শৰ্মাৰ মনৰ ভাৱ (Dikshu Sarma Facebook)

ইফালে বিশাল ফুকনৰ সম্পৰ্কৰে কেলেংকাৰীটোত নাম সাঙোৰ খাই পৰা চুমী বৰা আৰু তাৰ্কিক বৰা বৰ্তমানেও পলাতক অৱস্থাত আছে । আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও চুমী বৰা আৰু তাৰ্কিক বৰাৰ সন্ধান পোৱা নাই । আনহাতে চুমী বৰা আৰু তাৰ্কিক বৰাক ঘৰত আশ্ৰয় দিয়াৰ বাবে চৰ্চালৈ আহিছে শিল্পী দীক্ষু শৰ্মা । চুমী বৰা আৰু তাৰ্কিক বৰাই দীক্ষু শৰ্মাৰ ঘৰত প্ৰায় ৯ ঘণ্টা আশ্ৰয় লৈ গোপনে আঁতৰি গৈছিল । ইয়াৰ পাছতেই বিশাল ফুকন, চুমী বৰা আৰু তাৰ্কিক বৰাৰে থকা সম্পৰ্কৰ কথাৰে দীক্ষু শৰ্মা বিশেষভাৱে চৰ্চালৈ আহিছে । উত্থাপন হৈছে কেতবোৰ অভিযোগ ।

লগতে পঢ়ক : চুমী বৰা আৰু তাৰ্কিক বৰাৰ আত্মগোপন : কি ক'লে শিল্পী গীতালি দেৱীয়ে - Bishal Phukan Trading Scam

এই অভিযোগৰ পাছতেই আজি সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিল্পী দীক্ষু শৰ্মাই । নিজৰ প্ৰতিক্ৰিয়াত দীক্ষু শৰ্মাই কয়, “যোৱা কিছুদিন ধৰি সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত মোৰ বিৰুদ্ধে ওলাই থকা কথাখিনিয়ে মোক মানসিকভাৱে বহুত কষ্ট দিছে । মই বহুত দুৰ্বল হৈ পৰিছো । যোৱা 20 টা বছৰে ৰাইজে মোক যি মৰম দিছে আৰু মোৰ ওপৰত যি বিশ্বাস ৰাখিছে সেইখিনি সদায় ৰাখিব । মই আগতেও কেতিয়াও কোনো বেআইনী কাম কৰা নাই, এতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰো । সেইখিনি বিশ্বাস আপোনালোকে মোৰ ওপৰত ৰাখক । মোৰ গাড়ী বা সম্পত্তি উপহাৰ পোৱা বুলি কোৱা হৈছে । কিন্তু সেইটো সত্য নহয় । মই মোৰ সামৰ্থৰে বহু কষ্ট কৰি গাড়ী বা ঘৰটো ক্ৰয় কৰিছো । মই লোন লৈ সেয়া ক্ৰয় কৰিছো আৰু এতিয়াও লোন আছে । এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী । মই বেআইনী কাম কৰা নাই যেতিয়া আইনৰ তদন্ত প্ৰক্ৰিয়াত মই সৰ্বতোপ্ৰকাৰে সহযোগিতা কৰিম । ৰাইজে যাতে মোৰ ওপৰত বিশ্বাস ৰাখে তাৰ বাবে ৰাইজৰ প্ৰতি মই বিনম্ৰ অনুৰোধ জনালো ।”

লক্ষণীয় বিষয় যে 'বিশাল কাণ্ড'ৰ পাছতে বহু শিল্পীৰ নাম চৰ্চালৈ আহিছে আৰু বহু শিল্পীয়ে বিভিন্ন মাধ্যমেৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে ।

লগতে পঢ়ক : অনলাইন ট্ৰেডিং কাণ্ড: বিশাল-চুমীৰে ঘনিষ্ঠতা নাই দীপলীনাৰ, মানসিক কষ্ট হৈছে যতীন বৰাৰ - ONLINE TRADING SCAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.