গুৱাহাটী, 11 মে’ : শীঘ্ৰেই ছবিগৃহলৈ আহি আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনীত নতুন ছবি ‘ৰুদ্ৰ’ । শুকুৰবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত নতুনকৈ আহিবলগীয়া এই অসমীয়া ছবি ৰুদ্ৰৰ শুভ মহুৰত অনুষ্ঠিত হয় । শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া এই নতুন অসমীয়া ছবি ৰুদ্ৰৰ পৰিচালনা তথা কাহিনী ৰূপক গগৈৰ ।
আনহাতে ছবিখনৰ মুখ্য প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ম'ৰ । অসমৰ আইন-শৃংখলা পৰিস্থিতিক কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব ৰবি শৰ্মাই । ছবিখনৰ কাহিনীভাগৰ এটা অংশত অসমৰ গ্ৰাম্য জীৱনৰ দৃশ্য উপস্থাপন কৰা হ’ব ৷
লগতে কিছু দৃশ্যত বাহিৰলৈ চাকৰি কৰিবলৈ যোৱা যুৱকসকলৰ সংগ্ৰামৰ কাহিনীও উপস্থাপন কৰা হ’ব । ইফালে ছবিখনৰ একশ্যন পৰিচালক হিচাপে আছে মুম্বাইত প্ৰতিষ্ঠিত একশ্যন পৰিচালক তথা বলীউডৰ কেইবাগৰাকী জনপ্ৰিয় তাৰকাক সমৰকলাৰ প্ৰশিক্ষণ দিয়া অসম সন্তান পৰিচালক দীপক দাস ।