অসম

assam

জীৱনটো কিমান ক্ষন্তেকীয়া তাৰেই বাৰ্তা লৈ আহি আছে  ছবি ‘গমন দ্য লাষ্ট জাৰ্ণি’ - Director Chandra Mudoi new Film

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 12:54 PM IST

Director Chandra Mudoi new Film: শীঘ্ৰেই ছবিগৃহলৈ আহি আছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈৰ পৰিচালনাৰে এখন অসমীয়া ছবি ‘গমন দ্য লাষ্ট জাৰ্ণি’ ৷

National Award-winning director Chandra Mudois new venture gomon the last journey to hit theatre soon
এখন নতুন অসমীয়া ছবি (Gomon The Last Journey Team)

গুৱাহাটী, 28 আগষ্ট :মুক্তিৰ বাবে সাজু হৈ উঠিছে আন এখন অসমীয়া ছবি, নাম ‘গমন দ্য লাষ্ট জাৰ্ণি’ । ‘উজনিৰ দুজনী গাভৰু’, ‘জোন দা ইমান গুণ্ডা’, ‘বাঁকৰ পুতেক’ , ‘চুৰেণ চোৰৰ পুতেক’, ‘অহেতুক’ আদিকে ধৰি কেইবাখনো জনপ্ৰিয় ছবি অসমবাসীক উপহাৰ হিচাপে দিয়া এগৰাকী জনপ্ৰিয় তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈৰ পৰিচালনাৰে আহি আছে এইখন অসমীয়া ছবি ‘গমন- দ্য লাষ্ট জাৰ্ণি’ ।

‘গমন দ্য লাষ্ট জাৰ্ণি’ৰ পোষ্টাৰ (Gomon The Last Journey Team)

শ্মাশানত খৰি বিক্ৰীৰ ব্যৱসায় কৰি এটি যৌথ পৰিয়াল চলোৱা এগৰাকী সৎ তথা মানৱতাবাদী ব্যক্তিৰ উত্থান-পতনেৰে ভৰা জীৱন সংগ্ৰামৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন । বি কে ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখন পৰিচালনা কৰাৰ লগতে চিত্রনাট্যও চন্দ্ৰ মুদৈৰ । ছবিখনৰ প্ৰযোজনা যতীন্দ্র নাথ খনিকৰ আৰু বিপুল কলিতাৰ ।

‘গমন দ্য লাষ্ট জাৰ্ণি’ৰ পোষ্টাৰ (Gomon The Last Journey Team)

লগতে পঢ়ক :আহিবলগীয়া চিনেমা সুন্দৰপুৰ কেঅ'ছৰ গীত মুকলি অনুষ্ঠান - JHULAN KRISHNA MAHANTA MOVIES

আনহাতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা যতীন্দ্র নাথ খনিকৰে । ইয়াৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে দিব্যজ্যোতি দাস, অমৃতা গগৈ, আৰতি কলিতা, চাজু আহমেদ আৰু শিশু শিল্পী শাক্ষিত ওম শর্মা আদিকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

শ্বুটিঙত ব্যস্ত কলা-কুশলী (Gomon The Last Journey Team)

ছবিখনৰ চিনেমেট'গ্রাফী নৱ কুমাৰ দাসৰ আৰু সম্পাদনা কৰিব শ্যামল দাসে । আবহ সংগীত চন্দ্ৰ মুদৈৰ । ‘গমন দা লাষ্ট জাৰ্ণি’ ৰ সহ প্রযোজক হিচাপে আছে বিপুল কলিতা । শেহতীয়াকৈ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত উক্ত ছবিখনৰ এটা বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় । ছবিখন উপভোগ কৰি দর্শক আৰু সমালোচকসকলে সকলো শিল্পীৰে বলিষ্ঠ অভিনয় উপভোগ কৰি আপ্লুত হয় । জানিব পৰা অনুসৰি, আগন্তুক অক্টোবৰ মাহত ছবিখন ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :BIFF ৰ মঞ্চত ভাৰতৰ পৰা একমাত্ৰ ফিছাৰ হিচাপে চিহ্নিত ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ 2" - Village Rockstars 2 in 29th BIFF

ABOUT THE AUTHOR

...view details