মুম্বাই :আজিকালি লৰেন্স বিষ্ণৈ আৰু ছলমান খান বলীউডৰ সৰ্বাধিক চৰ্চিত বিষয় ৷ দৈনিক নিত্য নতুন খবৰ আহি আছে দুয়োকে লৈ । গুজৰাটৰ সাবৰমতী কাৰাগাৰৰ ভিতৰৰ পৰাই ছলমান খানক অহৰহ আক্ৰমণৰ লক্ষ্য কৰি লৈছে লৰেন্স বিষ্ণৈয়ে । ছলমান খানৰ Y+ নিৰাপত্তা বৃদ্ধি কৰি অভিনেতাজনৰ চাৰিওফালে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । ইফালে ছলমান খানেও তেওঁৰ আটাইতকৈ জনপ্ৰিয় শ্ব’ বিগ বছ 18ৰ শ্বুটিং কৰি আছে । এই সময়ছোৱাত বহু লোকে ছলমান খানক কৃষ্ণ মৃগ চিকাৰৰ গোচৰত বিষ্ণৈ সমাজৰ ওচৰত ক্ষমা খুজিবলৈ অনুৰোধ কৰিছে । এই বিষয়টোত এতিয়া ভজন সম্ৰাট অনুপ জালোটাই ছলমান খানক ক্ষমা খুজিবলৈ কোৱাৰ পিছত এতিয়া ছলমান খানৰ সমৰ্থনত ওলাই আহিছে গায়িক মিকা সিং ।
ছলমান খান ক্ষমা খুজিব লাগে- অনুপ জলোটা
ভজন সম্ৰাট অনুপ জলোটাই এই সমগ্ৰ বিষয়টোত কৈছে যে ছলমান খানে এটা মন্দিৰলৈ গৈ বিষ্ণৈ সমাজৰ ওচৰত ক্ষমা বিচাৰিব লাগে, এতিয়া এয়া অহংকাৰৰ বিষয় নহয় । উল্লেখ্য যে, অনুপ জলোটাক ছলমান খানৰ অনুষ্ঠান বিগ বছ 12-ত প্ৰতিযোগী হিচাপে দেখা গৈছিল । অনুপে স্পষ্টকৈ কৈছে যে ছলমান খানে এই বিষয়ত ক্ষমা বিচাৰিব লাগে আৰু বিষয়টোৰ ইতি পেলাব লাগে ।
ভাই চিন্তা নকৰিবা - মিকা সিং