চিটাৰা ডেস্ক, 19 জুলাই:ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ ছাৰ্বিয়ান পত্নী নাতাশা ষ্টেন’কভিচে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই 4 বছৰ একেলগে থকাৰ পিচত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে বৃহস্পতিবাৰে । তেওঁলোকৰ সম্পৰ্কৰ এটা টাইমলাইন আগবঢ়ালোঁ...
বিগত কেইমাহমানৰ পৰা হাৰ্দিক আৰু নাতাশাৰ সম্পৰ্ক শেষ হৈছে বুলি খবৰ ওলাই আছিল ৷ কিন্তু ক্ৰিকেটাৰগৰাকী বা তেওঁৰ পত্নীয়ে এই কথা নিশ্চিত কৰা নাছিল । 2020 চনত হাৰ্দিক আৰু নাতাশাৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন হয় । তেওঁলোকৰ অগস্ত্য নামৰ এটি 3 বছৰীয়া সন্তান আছে ।
বৃহস্পতিবাৰে দুয়োৱে এই কথা ঘোষণা কৰে যদিও বিগত কেইমাহমানৰ পৰা সংবাদ মাধ্যমত তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চা চলি আছিল । নাতাশাই নিজৰ ইনষ্টাগ্ৰাম পেজৰ পৰা হাৰ্দিকৰ ফটো আঁতৰাই দিয়া, আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপত শেহতীয়াকৈ লাভ কৰা সফলতাৰ বাবে হাৰ্দিকক অভিনন্দন নজনোৱা আদিয়ে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰি আছিল ।
প্ৰেম-বিবাহ আৰু এতিয়া বিচ্ছেদ, হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ ছাৰ্বিয়ান পত্নী নাতাশা ষ্টেনকভিচৰ সম্পৰ্কৰ সময়ৰেখা তলত উল্লেখ কৰা হ’ল-
1. প্ৰতিবেদন অনুসৰি, ছাৰ্বিয়ান মডেল আৰু ক্ৰিকেটাৰগৰাকী 2018 চনত এজন পাৰস্পৰিক বন্ধুৰ জৰিয়তে সংস্পৰ্শলৈ আহিছিল আৰু তাৰ পিচত তেওঁলোকে ডেট কৰিবলৈ আৰম্ভ কৰে ।
2. 2020 চনৰ 1 জানুৱাৰীত ক্ৰুজত গৈ থকা অৱস্থাত হাৰ্দিকে নাতাশাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু দুয়োৰে বাগ্দান হয় । ক'ভিড লকডাউনৰ সময়ত বিবাহপাশত আবদ্ধ হয় তেওঁলোক । সেই বছৰৰেই শেষৰ ফালে এটি ল’ৰা সন্তান জন্ম দিয়ে নাতাশাই, যাৰ নাম তেওঁলোকে অগস্ত্য ৰাখে ।
3. তেওঁলোকে 2023 চনত ছাৰ্বিয়ান আৰু ভাৰতীয় পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত এক আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানত পুনৰ বিবাহপাশত আবদ্ধ হয় । তেওঁলোকৰ বিবাহৰ কেইবাখনো ফটো তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছিল দুয়োৱে ।