মুম্বাই : ২ নৱেম্বৰত ৫৯ সংখ্যক জন্মদিন উদযাপন কৰে শ্বাহৰুখ খানে । এইবাৰ প্ৰথমবাৰৰ বাবে শ্বাহৰুখ খানৰ অনুৰাগীসকলে মন্নতৰ বাহিৰত তেওঁৰ আভাস দেখিবলৈ নাপালে । প্ৰতিবছৰৰ দৰে এইবাৰ জন্মদিনত অনুৰাগীক নিজৰ বাংলোৰ পৰা সাক্ষাৎ কৰি ধন্যবাদ জনাবলৈ নাহিল শ্বাহৰুখ খান ৷ তাৰ সলনি শ্বাহৰুখ খানে অনুৰাগীসকলক মুখামুখিকৈ লগ কৰিবলৈ অনুৰাগীৰ সৈতে এখন বৈঠকৰ আয়োজন কৰে । বৈঠকত শ্বাহৰুখ খানে নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বিষয়ে মুকলিকৈ কয় । লগতে তেওঁৰ অনুৰাগীসকলক এটা ভাল খবৰ দিলে যে তেওঁ নিজৰ সন্তানৰ স্বাৰ্থত ৩০ বছৰৰ পিছত ধূমপান এৰিছে । শ্বাহৰুখ খানৰ পূৰ্বে বহু তাৰকাই ধূমপান ত্যাগ কৰিছে । তেওঁলোকৰ বিষয়ে জানো আহক-
শ্বাহৰুখ খান
বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে কৈছে যে তেওঁ ধূমপান ত্যাগ কৰিছে । উল্লেখ্য যে, শ্বাহৰুখে কৈছিল যে তেওঁৰ চিগাৰেটৰ আসক্তি ইমানেই বেয়া আছিল যে তেওঁ দিনে ১০০ তকৈ অধিক চিগাৰেট সেৱন কৰিছিল । জন্মদিনৰ মীট এণ্ড গ্ৰীট অনুষ্ঠানত শ্বাহৰুখ খানে কয়, “এটা ভাল খবৰ আছে যে মই আৰু ধূমপান নকৰোঁ ।” তেওঁ লগতে মন্তব্য কৰে যে ধূমপান ত্যাগ কৰাৰ পিছত উশাহ লওতে হোৱা সমস্যা হ্ৰাস পাব । জানি আচৰিত হ’ব যে শ্বাহৰুখ খানেও ৰাজহুৱা স্থানত চিগাৰেট সেৱন কৰাৰ বাবে জৰিমনা ভৰিবলগীয়া হৈছে ।
ছলমান খান
জানি আচৰিত হ’ব যে ছলমান খান আগতে চেইন স্ম’কাৰ আছিল, কিন্তু ২০১২ চনত ছলমানে চিগাৰেট এৰি দিয়াৰ সিদ্ধান্ত লয় । দৰাচলতে ছলমানে ট্ৰাইজেমিনেল নিউৰেলজিয়া (Suicide Disease) চিকিৎসা চলি থকাৰ বাবে ধূমপান এৰি দিয়ে ।
আমিৰ খান
ধূমপান কৰা তাৰকাসকলৰ মাজত বলীউডৰ মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট আমিৰ খানৰ নামো আছে । আমিৰ খানক বহুবাৰ ধূমপান কৰা দেখা গৈছে যদিও সুস্থ জীৱনশৈলী আৰু সন্তানৰ স্বাৰ্থত আমিৰ খানে ধূমপান ইতিমধ্যে ত্যাগ কৰিছে । ২০১১ চনত আজাদে জন্ম লাভ কৰাৰ পিছত আমিৰ খানে এটাও চিগাৰেট স্পৰ্শ কৰা নাই ।
ৰণবীৰ কাপুৰ