অসম

assam

ETV Bharat / entertainment

সদায় পত্নীয়েই কিয়, স্বামীয়েও ৰাখিব পাৰে কৰৱা চৌথৰ উপবাস

পত্নীৰ দীৰ্ঘায়ু কামনা কৰি উপবাস ৰখা স্বামীও আছে 21 শতিকাত ৷ বিকী, বিৰাট, আয়ুষ্মান এনেই সকলোৰে প্ৰিয় নহয় !

By ETV Bharat Entertainment Team

Published : 4 hours ago

Karwa Chauth 2024: Abhishek Bachchan to Vicky Kaushal these celebs doing fast for their wives
বলীউড দম্পতী (Photo : ANI/IANS)

চিটাৰা ডেস্ক :বিয়াৰ পাছৰ অবৈধ সম্পৰ্ক, যৌতুকৰ বাবে মাৰপিট, যুগ্ম জীৱনৰ যাত্ৰাত আধা বাটতে এৰি দিয়া, বিবাহ বিচ্ছেদ আদিৰ দৰে ঘটনাৰ মাজতো কিন্তু জীয়াই আছে সঁচা প্ৰেম ৷ এতিয়াও নিস্বাৰ্থভাৱে ভালপোৱাজনে সাধ্যানুসাৰি সকলোখিনি কৰিব বিচাৰে নিজৰ সংগীজনৰ কাৰণে ৷ প্ৰেমিক যুগল নতুবা স্বামী-স্ত্ৰীয়ে ভিন্ন ধৰণে নিজৰ প্ৰেম উদযাপন কৰে ৷ বহু তেনেকুৱা উৎসৱেই আছে আমাৰ মাজত ৷ তাৰ মাজতে এটা উৎসৱ হ’ল কৰৱা চৌথ ৷

অতীজৰে পৰা পত্নীসকলে স্বামীৰ দীৰ্ঘায়ু কামনা কৰি কৰৱা চৌথৰ উপবাস ৰাখে । প্ৰতিবছৰে সমগ্ৰ দেশতে কৰৱা চৌথ অতি আড়ম্বৰেৰে পালন কৰা হয় ৷ এই উৎসৱৰ কথা পাতিলেই বলীউডৰ কথা এৰি দিব নোৱাৰি ৷ চলচ্চিত্ৰ জগতৰ চেলেব্ৰিটী অবিহনে যেন এই উৎসৱ কল্পনাহীন । কাৰণ কৰবা চৌথ কেনেকৈ উদযাপন কৰিব, কি পিন্ধিব, কি ট্ৰেণ্ডত আছে তাৰ প্ৰেৰণা বেছিভাগেই বলীউডৰ তাৰকাসকলৰ পৰাই আহে ।

পিছে এইবাৰ আমি আপোনালোকক এনে এটা ট্ৰেণ্ডৰ বিষয়ে ক’ম যিটো সম্পূৰ্ণ বেলেগ । বলীউডৰ বহু অভিনেত্ৰী পত্নীৰ বাবে স্বামীয়ে ৰাখে উপবাস । বিকী কৌশলৰ পৰা আৰম্ভ কৰি বিৰাট কোহলীলৈকে এই তালিকাত এনে বহু নাম আছে যিয়ে নিজৰ পত্নীৰ দীৰ্ঘায়ু কামনা কৰি বাবে উপবাস ৰাখে ।

বিকী কৌশল-কেটৰিণা কাইফ (Photo : ANI)

বিকী কৌশল

কোটি কোটি লোকে বলীউডৰ আকৰ্ষণীয় দম্পতী কেটৰিণা কাইফ আৰু বিকী কৌশলক অনুসৰণ কৰে আৰু দুয়োগৰাকী তাৰকাই বহুতৰে প্ৰিয় । প্ৰিয় বাবেই অনুৰাগীসকলে ইজনে সিজনৰ বাবে যি কৰে তাক অনুসৰণ কৰে । উল্লেখ্য যে, কেটৰিণাৰ লগতে বিকীয়েও কৰৱা চৌথৰ উপবাস ৰাখে ।

বিৰাট কোহলী-অনুষ্কা শৰ্মা (Photo : IANS)

বিৰাট কোহলী

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ যুটি লাখ লাখ মানুহৰ বাবে আদৰ্শ । বিৰাট কোহলীয়েও অনুষ্কাৰ বাবে কৰৱা চৌথৰ উপবাস ৰাখে ।

আয়ুষ্মান খুৰানা-তাহিৰা কাশ্যপ (Photo : IANS)

আয়ুষ্মান খুৰানা

আয়ুষ্মান খুৰানা আৰু তাহিৰা কাশ্যপ হৈছে বি-টাউনৰ শক্তিশালী দম্পতী । এবাৰ তাহিৰাই চিকিৎসাজনিত কাৰণত উপবাস ৰাখিব পৰা নাছিল, কিন্তু আয়ুষ্মানে তেওঁৰ বাবে উপবাস ৰাখিছিল ।

অভিষেক বচ্চন-ঐশ্বৰ্য ৰায় (Photo : IANS)

অভিষেক বচ্চন

অভিষেক বচ্চনে পত্নী ঐশ্বৰ্য ৰায় বচ্চনৰ বাবে কৰৱা চৌথত উপবাস কৰে ।

ৰাজ কুন্দ্ৰা-শিল্পা শ্বেট্টী (Photo : IANS)

ৰাজ কুন্দ্ৰা

ব্যৱসায়ী ৰাজ কুন্দ্ৰায়েও অভিনেত্ৰী পত্নী শিল্পা শ্বেট্টীৰ বাবে কৰবা চৌথৰ উপবাস ৰাখে ।

জয় ভানুশালী-মাহী ভিজ (Photo : IANS)

জয় ভানুশালী

পত্নীৰ বাবে উপবাস ৰখা স্বামীৰ মাজত জয় ভানুশালীৰ নামো অন্তৰ্ভুক্ত । পত্নী মাহী ভিজৰ বাবে প্ৰতি বছৰে তেওঁ কৰৱা চৌথৰ উপবাস ৰাখে ।

প্ৰতি বছৰে কৰৱা চৌথত পত্নীয়ে তেওঁলোকৰ স্বামীৰ বাবে উপবাস ৰাখে, কিন্তু বলীউডৰ তাৰকাসকলে তেওঁলোকৰ পত্নীৰ বাবে উপবাস ৰখাটোৱে সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ৷ এইবাৰ আপুনিও আপোনাৰ পত্নীৰ বাবে এই কৰৱা চৌথত উপবাস ৰাখি পত্নীৰ দীৰ্ঘায়ু আৰু সুখৰ বাবে কামনা কৰিব পাৰে ৷

লগতে পঢ়ক :সন্মুখত কৰৱা চৌথ, ঐশ্বৰ্য-অভিষেকে ৰাখিবনে এইবাৰ উপবাস ?

ABOUT THE AUTHOR

...view details