অসম

assam

দেশৰ প্ৰধানমন্ত্ৰী হ’ব বিচৰা সন্দৰ্ভত কি ক’লে কংগনাই ?

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 12:28 PM IST

Kangana Ranaut On Politics: অহা ১৪ জুনত ছবিগৃহত মুক্তি পাব কংগনা ৰনৌতৰ ছবি ‘ইমাৰ্জেন্সি’ । কংগনাই নিজেই এই ছবিখন পৰিচালনা কৰিছে ।

Kangana Ranaut shares her thoughts on becoming PM of India
দেশৰ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে নেকি কংগনা

চিটাৰা ডেস্ক, ১২ ফেব্ৰুৱাৰী: কংগনা ৰনৌত আৰু বিৰ্তক - এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ বিভিন্ন সময়ত বিভিন্ন বিষয়ত বিৰ্তকিত মন্তব্য কৰি লাইমলাইটত থাকে কংগনা ৷ নিজৰ ছবিতকৈ অধিক ব্যক্তিগত জীৱনৰ বাবেহে বাতৰিৰ শিৰোনামত থাকে কংগনা। অৱশ্যে এইকেইদিন কংগনাই তেওঁৰ আগন্তুক ছবি ইমাৰ্জেন্সিৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । এই ছবিখনত তেওঁ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে ।

ইফালে বহু সময়ত কংগনাক ৰাজনৈতিক বিষয়ৰ সন্দৰ্ভতো মতামত ব্যক্ত কৰা দেখা যায় ৷ যাৰ বাবে শেহতীয়াকৈ এটা অনুষ্ঠানত অভিনেত্ৰীগৰাকীক সোধা হৈছিল যে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে নেকি ? এই প্ৰশ্নৰ উত্তৰত কংগনাই কি ক’লে জানো আহক এই প্ৰতিবেদনত ৷

ৰাজনীতিত প্ৰৱেশৰ ক্ষেত্ৰত কংগনাই বহুবাৰ নিজৰ মতামত প্ৰকাশ কৰিছে । বিগত বছৰৰ নৱেম্বৰ মাহত কংগনাই ৰাজনীতিত প্ৰৱেশৰ ক্ষেত্ৰত নিজৰ মতামত দিছিল । অভিনেত্ৰীগৰাকীয়ে কৈছিল, ‘‘শ্ৰীকৃষ্ণৰ কৃপা মোৰ ওপৰত হ’লে, মই নিশ্চয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম ।’’ এতিয়া আকৌ এবাৰ ৰাজনীতিৰ সন্দৰ্ভত কংগনাৰ মতামত পোহৰলৈ আহিছে ।

কংগনাই সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত কয়, ‘‘মই মাত্ৰ এখন ছবি নিৰ্মাণ কৰিছো ইমাৰ্জেন্সি ।'সেই ছবিখন চোৱাৰ পিচত কোনেও নিবিচাৰিব যে মই প্ৰধানমন্ত্ৰী হওঁ ।’’ ইফালে ইমাৰ্জেন্সিৰ কথা ক’বলৈ গ’লে অনুপম খেৰ, মহিমা চৌধুৰী, মিলিন্দ সোমন, শ্ৰেয়স তালপাড়ে, বিশক নায়াৰে কংগনাৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যাব । এইখিনিতে উল্লেখ কৰিব লাগিব যে কংগনাই নিজেই এই ছবিখন পৰিচালনা কৰিছে ।

ইফালে এ এন আইৰ সৈতে ইমাৰ্জেন্সিৰ বিষয়ে কথা পাতি কংগনাই কয়, ‘‘ইমাৰ্জেন্সি আমাৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অন্ধকাৰ অধ্যায় । যাৰ বিষয়ে ইয়ং ইণ্ডিয়াই জনা উচিত । এই সৃষ্টিশীল যাত্ৰাত মোক সহায় কৰাৰ বাবে মোৰ ছুপাৰ টেলেণ্টেড অভিনেতা সতীশ জী, অনুপম জী, শ্ৰেয়স, মহিমা আৰু মিলিন্দক ধন্যবাদ জনাইছো ।’’

উল্লেখ্য যে, ২০২৪ চনৰ ১৪ জুনত ছবিগৃহত মুক্তি পাব ইমাৰ্জেন্সি । এই ছবিখনক লৈ মানুহৰ মাজত ব্যাপক চৰ্চা হৈছে । সমালোচকৰ মতে এই ছবিখনে বক্স অফিচত ভাল উপাৰ্জন কৰিব পাৰে । অৱশ্যে সেয়া লক্ষণীয় হ’ব ছবিখনৰ মুক্তিৰ পিচত হে ৷

লগতে পঢ়ক:সন্দীপ ৰেড্ডী ভাংগাৰ প্ৰস্তাৱৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কংগনা ৰনৌতৰ

ABOUT THE AUTHOR

...view details