নিউজ ডেস্ক, 25 মাৰ্চ :বিতৰ্ক মানেইবলীউডৰ অভিনেত্ৰী কংগনা ৰনৌত ৷ অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে নিজৰ মন্তব্য আৰু চিন্তাধাৰা ব্যক্ত কৰাত কেতিয়াও সংকোচ নকৰে ৷ শেহতীয়াকৈ, কংগনাই হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা বিজেপিৰ টিকট লাভ কৰিছে । আগন্তুক লোকসভা নিৰ্বাচনত কংগনাই বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ।
যদিও নিৰ্বাচন অনুষ্ঠিত হ'বলৈ এতিয়াও কিছু সময় আছে, কংগনা ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে ৷ শেহতীয়াকৈ কংগ্ৰেছ নেতা সুপ্ৰিয়া শ্ৰীনেটে কৰা টুইটৰ সঁহাৰি দি এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে কংগনাই ৷
সুপ্ৰিয়া শ্ৰীনেটৰ X ৰ পোষ্টৰ প্ৰত্যুত্তৰ দিলে কংগনাই :
"মৰমৰ সুপ্ৰিয়াজী, এগৰাকী শিল্পী হিচাপে মোৰ কেৰিয়াৰত যোৱা 20 বছৰত, ৰাণীৰ এজনী নিৰ্বোধ ছোৱালীৰ পৰা ধাকড়ত এগৰাকী চলনাময়ী গুপ্তচৰলৈকে, মণিকৰ্ণিকাৰ দেৱীৰ পৰা চন্দ্ৰমুখীত এগৰাকী ৰাক্ষসীলৈকে, ৰজ্জোত এগৰাকী বেশ্যাৰ পৰা থালাইভিত এগৰাকী বিপ্লৱী নেত্ৰীলৈকে ৷ আমি আমাৰ নাৰীসকলক কুসংস্কাৰৰ বিশৃংখলাৰ পৰা মুক্ত কৰিব লাগিব, আমি তেওঁলোকৰ শৰীৰৰ অবয়বৰ ওপৰত প্ৰশ্ন উঠোৱা বন্ধ কৰিব লাগিব, ইয়াৰোপৰি আমি জীৱন তথা পৰিস্থিতিক প্ৰত্যাহ্বান জনোৱা যৌন কৰ্মীসকলক এক প্ৰকাৰৰ উৎপীড়ন বা অশ্ৰাব্য শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব... প্ৰতিগৰাকী মহিলাই তেওঁৰ মৰ্যাদাৰ যোগ্য ৷"