অসম

assam

ETV Bharat / entertainment

শীঘ্ৰেই ছবিগৃহলৈ আহি আছে হিমজ্যোতি তালুকদাৰৰ "তাৰিখ" - Assamese movie Date

New Assamese movie : শীঘ্ৰেই ছবিগৃহলৈ আহি আছে হিমজ্যোতি তালুকদাৰ পৰিচালিত দ্বিতীয়খন ছবি পূৰ্ণদৈৰ্ঘৰ ছবি "তাৰিখ"। অহা ৬ ডিচেম্বৰত মুক্তি লাভ কৰিব ছবিখনে ।

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 3:55 PM IST

New Assamese movie
শীঘ্ৰেই ছবিগৃহলৈ আহি আছে হিমজ্যোতি তালুকদাৰৰ "তাৰিখ"

গুৱাহাটী, 11 এপ্ৰিল : অসমীয়া ছবি "কেলেণ্ডাৰৰ" সফলতাৰ পাচত শীঘ্ৰেই ছবিগৃহলৈ আহি আছে হিমজ্যোতি তালুকদাৰ পৰিচালিত দ্বিতীয়খন ছবি পূৰ্ণদৈৰ্ঘৰ ছবি "তাৰিখ"। প্ৰায় ৬ টা বছৰৰ বিৰতিৰ পিচত হিমজ্যোতি তালুকদাৰে পৰিচালনা কৰা এই নতুন অসমীয়া ছবিখন মুক্তি লাভ কৰিব চলিত বৰ্ষ ৬ ডিচেম্বৰ তাৰিখে । সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰে তালুকদাৰে ।

ছবিখনৰ সন্দৰ্ভত এক ফেচবুক পোষ্ট যোগেৰে পৰিচালক হিমজ্যোতি তালুকদাৰে উল্লেখ কৰে, "কোলাহলৰ পৃথিৱীখনত মৌনতাৰ এক বিশেষ ভাষা আছে – য’ত সোমাই থাকে আমাৰ ভিতৰখনত তোলপাৰ লগাই থকা আশাবোৰ, ঠিক যেন নিস্তব্ধ কিছুমান মুহূৰ্তত থকা সম্ভাৱনাৰ এটা আভাস ! নৈঃশব্দৰ মাজতো লুকাই থাকে কিছুমান অকথিত কাহিনী-হৃদয়ৰ কথা কোৱা কাহিনী, ভালপোৱা আৰু হেৰুওৱাৰ কাহিনী, অতীতৰ গহ্বৰত লীন হৈ ভৱিষ্যতৰ সপোন দেখাৰ কাহিনী, আৱেগৰ ভাষাৰে সকলোকে সংযোগ কৰা কাহিনী- দুৰ্লভ দত্তৰ কাহিনী...।"

অৰুন্ধতী শৰ্মা বৰুৱা আৰু ড৹ মুক্তিস্মান হাজৰিকাৰ প্ৰযোজনাৰে নিৰ্মিত এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথ আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অভিনেতা বলোৰাম দাসে । লগতে ছবিখনত অভিনয় কৰিছে স্বাগতা ভৰালী, কুলদীপ, জয়ন্ত দাস, সঞ্জীৱ শৰ্মাৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

আনহাতে ছবিখনৰ চিত্ৰনাট্য হিমজ্যোতি তালুকদাৰ, অংকুৰ ডেকা আৰু অধিৰাজ কাশ্যপৰ । চিত্ৰগ্ৰহণ অনিৰুদ্ধ বৰুৱাৰ । শব্দগ্ৰহণ দেৱজিৎ গায়ন । লগতে ছবিখন সম্পাদনা কৰিছে উদীপ্ত কুমাৰ ভট্টচাৰ্যই । ছবিখনৰে সংগীত সংযোজন তৰালী শৰ্মাৰ ৷ ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ৷ পোষ্টটোত চিনেমাপ্ৰেমী লোকসকলেও হিমজ্যোতিক অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:স্বৰা ভাস্কৰৰ কন্যা ৰাবিয়াৰ প্ৰথমটো ঈদ, কোন তাৰকাই কেনেকৈ উদযাপন কৰিছে ঈদ - Bollywood stars EID celebrations

ABOUT THE AUTHOR

...view details