চিটাৰা ডেস্ক, 27 মাৰ্চ: চলচ্চিত্ৰ জগতৰ ইতিহাসৰ অন্যতম জনপ্ৰিয় এখন হৈছে ছবি ‘টাইটানিক’ যাক আজিও সকলোৱে চাবলৈ ভাল পায় ৷ লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ আৰু কেট উইন্সলেট অভিনীত এই চিনেমাখনত প্ৰেমৰ সংজ্ঞা সেই সৌন্দৰ্য কিন্তু যন্ত্ৰণাৰে দেখুওৱা হৈছিল, যিটো আজিও মানুহে পাহৰিব নোৱাৰে ৷ এই ছবিখনে লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ আৰু কেট উইন্সলেটৰ কেৰিয়াৰক জোৰদাৰ কৰি তুলিছিল ৷
টাইটানিকৰ জীৱন ৰক্ষা কৰা দুৱাৰখন চৰ্চা চলি আছে
' জেক ' আৰু ' ৰোজ ' (চিনেমাখনৰ দুয়োজন অভিনেতাৰ নাম)ৰ প্ৰেম কাহিনীত সেই দুৱাৰখনো বহুত চৰ্চিত হৈছিল, যাৰ বাবে ৰোজৰ জীৱন ৰক্ষা পৰিছিল ৷ এই দুৱাৰখনে জেক আৰু ৰোজৰ প্ৰেম কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ৰোজৰ জীৱন ৰক্ষা কৰা দুৱাৰখনকো জেকৰ মৃত্যুৰ কাৰণ বুলি গণ্য কৰা হয় ৷ শেহতীয়াকৈ সেই দুৱাৰখন কোটি কোটি টকাত বিক্ৰী হৈছিল ৷
'টাইটানিক'ৰ এই বস্তুবোৰ বিক্ৰী হৈছিল