চিটাৰা ডেস্ক, 21 এপ্ৰিল :বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ৰ সন্দৰ্ভত বাতৰিৰ শিৰোনাম দখল কৰিছে প্ৰখ্যাত অভিনেতা শ্বাহৰুখ খানে । শেহতীয়াকৈ, ক্ৰিকেটাৰ গৌতম গম্ভীৰে এক সাক্ষাৎকাৰত অভিনেতা তথা কলকাতা নাইট ৰাইডাৰ (KKR) ৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানক শ্ৰেষ্ঠ স্বত্বাধিকাৰী বুলি প্ৰশংসা কৰিছিল ।
গৌতম গম্ভীৰে শ্বাহৰুখ খানৰ সৈতে একেলগে এক সাক্ষাৎকাৰত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে কয়, "মই কাম কৰা লোকসকলৰ ভিতৰত তেওঁক মই সকলোতকৈ বেছি সন্মান কৰো ৷ ইয়াৰ কাৰণ এইটো নহয় যে মই কে কে আৰ দলৰ এক সদস্য ৷ মোৰ অধিনায়কত্বৰ সাত বছৰৰ ভিতৰত মই তেওঁৰ লগত 7 মিনিটো ক্ৰিকেটৰ কথা পতা মোৰ মনত নাই ৷ মই যিখিনি সময়ত জীৱনৰ কঠিন সময়খিনি পাৰ কৰি আছিলো, সেই সময়তো মই তেওঁৰ লগত কথা পাতিছিলো ৷ এনেকুৱা এটা সময় আছিল য’ত মই প্ৰায় সকলো এৰি দিছিলো, মই হতাশাত ভুগিছিলো ৷"