চিটাৰা ডেস্ক, 4 ছেপ্টেম্বৰ :শেহতীয়াকৈ ন্যায়াধীশ হেমা কমিটীৰ প্ৰতিবেদনে মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ অন্ধকাৰ জগতখনৰ কথা উন্মোচন কৰিছে । প্ৰতিবেদন প্ৰকাশ পোৱাৰে পৰা মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ নাম থকা ব্যক্তিসকলৰ নাম আৰু অধিক শুনিবলৈ পোৱা গৈছে ৷ মলীউডৰ অভিনেতা পৰিচালকসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগো উত্থাপন হৈছে আৰু গোচৰো দাখিল কৰা হৈছে । এতিয়া সকলো চলচ্চিত্ৰ উদ্যোগতে এনে কমিটী গঠনৰ বাবে দাবী দেখিবলৈ পোৱা গৈছে । কানাড়া চলচ্চিত্ৰ উদ্যোগেও বিচাৰিছে এনে এখন কমিটী ৷
হয়, কেইবছৰমান আগতে ‘মি টু’ চৰ্চাই চিনেমা জগতখনৰ সকলোৰে টোপনি কাঢ়ি নিছিল । ফিল্ম ইণ্ডাষ্ট্ৰী ফৰ ৰাইটছ এণ্ড ইকুৱেলিটি (FIRE) প্ৰথমে চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত মহিলাসকলৰ সমস্যা উত্থাপন কৰিবলৈ গঠন কৰা হৈছিল । অভিনেতা তথা সমাজকৰ্মী চেতন অহিংসা, পৰিচালক কবিতা লংকেশ, প্ৰিয়ংকা উপেন্দ্ৰ আৰু বহু অভিনেত্ৰী ইয়াৰ সদস্য আছিল । এতিয়া ফিল্ম ইণ্ডাষ্ট্ৰী ফৰ ৰাইটছ এণ্ড ইকুৱেলিটি (FIRE)-এ কৰ্ণাটক চৰকাৰক FIRE কমিটী আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন কমিটী গঠন কৰিবলৈ আহ্বান জনাইছে ।