অসম

assam

By ETV Bharat Entertainment Team

Published : 4 hours ago

ETV Bharat / entertainment

ভোট-জলকীয়াৰ জলা নহয় এইবাৰ ভূত-জলকীয়াৰ থ্ৰীলাৰ চাবলৈ সাজু হওক - Chinmoy Sarmah Bhoot Jolokiya

Bhoot Jolokiya: ছবিগৃহত ভূত-জলকীয়াৰ যাদু চাবলৈ সাজু হওক আপোনালোক । আগন্তুক 27 ছেপ্টেম্বৰত ৰাজ্যৰ কেবাটাও ছবিগৃহত মুক্তি লাভ কৰিবৰ বাবে সাজু হৈছে নতুন অসমীয়া ছবি ‘ভূত-জলকীয়া’ ।

etv bharat exclusive interview with new assamese film BHOOT JOLOKIYA actors Mintu Barua  Atanu Mahanta
ভূত-জলকীয়াৰ বিষয়ে (ETV Bharat Assam)

গুৱাহাটী, 15 ছেপ্টেম্বৰ : চলিত মাহত মুক্তি পাবলগীয়া অসমীয়া ছবিসমূহৰ ভিতৰত এখন প্ৰত্যাশিত অসমীয়া ছবি হৈছে ‘ভূত জলকীয়া’ । 27 ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰায় সংখ্যক ছবিগৃহতে মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে । Green Grass Films আৰু DP Entertainment ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক চিন্ময় শৰ্মা ।

আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ সন্দৰ্ভত ছবিখনত মূল চৰিত্ৰত অভিনয় কৰা দুগৰাকী অভিনেতা মিণ্টু বৰুৱা আৰু অতনু মহন্তই ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰকাশ কৰে মনৰ বহু কথা, যাৰ জৰিয়তে আপোনালোকে জানিব পাৰিব সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা লোকসকলে ছবি এখন নিৰ্মাণৰ সময়ত কি ধৰণৰ কথা ভাবি থাকে ?

বাৰ্তালাপ (ETV Bharat Assam)

ছবিখনৰ নাম কিয় ভূত-জলকীয়া দিয়া হ'ল ?

ভোট-জলকীয়াৰ সোৱাদ প্ৰতিজন অসমীয়াই পাইছে । ভোট জলকীয়াৰ জলা কিমান সেয়া সকলোৱে জানে । এইবাৰ দৰ্শকক জলাৰ সোৱাদ দিবলৈ ছবিগৃহলৈ আহি আছে ভূত-জলকীয়া । আহিবলগীয়া এই নতুন ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি ছবিখনৰ অভিনেতা মিন্টু বৰুৱাই কয়, ‘ছবিখনৰ নামটো লৈ বহুতে প্ৰশ্ন কৰিছে । বহুতে বানানটো ভুল কৰিছো নেকি বুলিও সন্দেহ কৰিছে । কাৰণ ভোট আৰু ভূতৰ মাজত পার্থক্য আছে । কিন্তু এইটো আচলতে মানুহৰ মাজত কৌতুহল সৃষ্টি কৰাৰ বাবে পৰিকল্পিতভাৱেই কৰা হৈছে আৰু ছবিখনৰ লগতো নামটো মিলিছে । ইয়াৰ আচলতে প্ৰকৃতি ৰহস্যটো ছবিখন উপভোগ কৰাৰ পাছতহে দৰ্শকে গম পাব ।’

লগতে পঢ়ক :চিকাৰ-লণ্ডন-ভিছা, ছবিৰ শ্বুটিঙত পৰিচালকেই নাছিল ! - Sikaar Assamese Movie

অভিনেতা অতনু মহন্তৰ মন্তব্য

‘ছবিখন খুবেই এখন ভাল ছবি, কাহিনীটোও একক । ছবিখনত বৰ্তমান আৰু ভৱিষ্যত দুয়োটা সময়ে দেখুওৱা হৈছে । ছবিখনৰ মোৰ চৰিত্ৰটো হৈছে মাইনু । কৰ্মসূত্ৰে সি কেৰালাত থাকে, কিন্তু ঘটনা এটাৰ কাৰণে সি পুনৰ অসমলৈ ঘূৰি আহিবলগীয়া হয় । আৰু সেই ঘটনাটোক কেন্দ্ৰ কৰিয়েই সি উপস্থিত হয় জীৱন নামৰ চৰিত্ৰটোৰ ওচৰত । ছবিখনত কাহিনীটো সুন্দৰকৈ উপস্থাপন কৰা হৈছে । আশা কৰো ছবিখন দৰ্শকে চাই ভাল পাব ।’

ছবিখনৰ আধাৰ কি ?

সমাজৰ পৰা আঁতৰি অকলশৰীয়াকৈ থকা এগৰাকী ব্যক্তিৰ ঘৰলৈ 'মাইনু' নামৰ চৰিত্ৰটোৰ আগমনৰ পাছত কিছু কথাৰ আঁত ধৰি এটা যাত্রা আৰম্ভ হয় । সেই যাত্ৰাত লগ পোৱা ভিন্ন ব্যক্তি, ঘটনা-পৰিঘটনাৰ পৰা গৈ গৈ আচল কাহিনীটো অৰ্থাৎ ৰহস্য ফাদিল হয় ।

ছবিখনৰ দুটা মুখ্য চৰিত্ৰত মিণ্টু বৰুৱা আৰু অতনু মহন্তই অভিনয় কৰাৰ লগতে অন্য চৰিত্ৰত অভিনয় কৰিছে প্ৰীতি খাউণ্ড মহন্ত, দ্বীপ কুমাৰ কলিতা, ভায়লিনা বৰদলৈ, অদ্ৰিতা পৰাশৰ, ত্ৰিবেণী গগৈ, বিশাল ওজা, নয়ন বৰদলৈ, জয়শ্ৰী ভূঞা, তৰুলতা দাস, ভূপেন শৰ্মা আদিকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে পাপু ডেকাই আৰু শব্দৰ কাম কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী দেৱজিৎ গায়নে । উল্লেখ্য যে, শেহতীয়াকৈ অসমীয়া ছবিৰ প্ৰতি দৰ্শকৰ মৰম দেখি ভূত-জলকীয়াৰ কলা-কুশলীও আশাবাদী ছবিখনক লৈ ৷

লগতে পঢ়ক :ঘোষণা হ’ল ‘কেচটো নগেন’ৰ মুক্তিৰ দিন - ASSAMESE MOVIE CASE TU NAGEN

ABOUT THE AUTHOR

...view details