অসম

assam

কেচটো নগেন, মাঘ বিহুৰ সময়তে হয়তো পাব পাৰে খবৰটো - ASSAMESE MOVIE CASE TU NAGEN

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 11:03 AM IST

Case tu Nagen : শীঘ্ৰেই ছবিগৃহলৈ আহি আছে হাস্যৰস আৰু থ্ৰীলাৰেৰে ভৰপূৰ এখন অসমীয়া ছবি, নাম ‘‘কেচটো নগেন’’ । পৰিচালক ধনজিৎ দাসৰ পৰিচালনাৰে নিৰ্মাণ কৰা ছবিখনত সমাহাৰ ঘটিব বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীৰ ।

director Dhanjit Das announces New assamese film titled case tu nagen
নতুন অসমীয়া চিনেমাৰ (Photo: Case tu Nagen team)

গুৱাহাটী, 16 ছেপ্টেম্বৰ : বৰ্তমান সময়ত ৰাজ্যত চৰ্চা লাভ কৰি থকা এটা প্ৰাসংগিক বিষয় হৈছে ‘ট্রেডিং’ । সহজতে পইচা দুগুণে ঘটাৰ ইচ্ছাত মানুহৰ ট্ৰেডিঙৰ প্ৰতি ৰাপ বাঢ়িছে ৷ ট্ৰেডিঙৰ বিষয়ে বৰ্তমান ৰাজ্যত তোলপাৰ লগাই আছে । বিশাল-চুমী-তাৰ্কিকৰ বিৰুদ্ধে অনলাইন ট্ৰেডিঙৰ জৰিয়তে জনতাক লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ট্ৰেডিং বিষয়টোক লৈ মানুহ সৰৱ হৈ পৰিছে ৷

নতুন অসমীয়া চিনেমাৰ কাম (Photo: Case tu Nagen team)

ৰাজ্যত এতিয়া চলি থকা এই বিষয়টো চৰ্চালৈ অহাৰ পূৰ্বেই ‘‘কেচটো নগেন’’ শীৰ্ষক এখন অসমীয়া চিনেমা নিৰ্মাণ কৰা হৈছিল । হাস্যৰস আৰু থ্ৰীলাৰযুক্ত এই ছবিখন পৰিচালনা কৰিছে নৱ-প্ৰজন্মৰ পৰিচালক ধনজিৎ দাসে । ছবিখন সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছবিখনৰ পৰিচালক ধনজিৎ দাসে বহু কথা প্ৰকাশ কৰে ।

  • ‘‘কেচটো নগেন’’ৰ পৰিচালকে কি ক’লে ?

ছবিখন সন্দৰ্ভত পৰিচালক ধনজিৎ দাসে জনাই, “আহিবলগীয়া এই নতুন অসমীয়া ছবিখন আমি অহা বছৰ মাঘবিহুৰ সময়ত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছো । বৰ্তমান আমাৰ ছবিখনৰ পোষ্ট প্ৰডাকশ্যনৰ অন্তিম পৰ্যায়ৰ কাম চলি আছে । সম্পাদনাৰ কাম ইতিমধ্যেই শেষ হৈছে । ছবিখনত বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে । ছবিখন সম্পূৰ্ণ কমেডি আৰু থ্ৰীলাৰ ছবি ।”

নতুন অসমীয়া চিনেমাৰ কাম (Photo: Case tu Nagen team)
লগতে পঢ়ক :দৌৰ অব্যাহত আছে ‘লোকেল কুংফু 3’ ৰ - LOCAL KUNG FU 3
  • ছবিখনৰ কাহিনীৰ আধাৰ কি ?

এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে জনাই, “বৰ্তমান সময়ত যিবোৰ ট্ৰেডিং চলি আছে তেনেকুৱা এটা সমল লৈয়ৈ কাহিনীটো আগবাঢ়ে । আমি মানুহে লোভৰ কাৰণে যে আমি বহুত কিবাকিবি হেৰুৱাও তাকেই ছবিখনত দেখুওৱা হ’ব ৷ বিভিন্ন সময়ত বিভিন্ন স্কেম লৈ বহু মানুহ গাঁওবোৰলৈ আহে । এটা সময়ত চেইন চিষ্টেম বুলি এটা ব্যৱসায় চলিছিল । টকা আৰু দুজন মানুহ সুমুৱাই দিব লাগে তাৰ পাছত দুগুণ-তিনিগুণ পইচা লাভ কৰে দিওতাজনে । এনেকুৱা এটা কাহিনীলৈয়ে ছবিখন নিৰ্মাণ কৰা হৈছে । গোটেই কাহিনীটো আচলতে নগেন বুলি এটা চৰিত্ৰক কেন্দ্ৰ কৰি । এতিয়া নগেন কোন হয়, ছবিখনৰ নামটো কিয় কেচটো নগেন হ'ল এইটোৰ ওপৰত কেন্দ্ৰ কৰিয়ে কাহিনীটো আচলতে ।” আহিবলগীয়া এই নতুন ছবিখনৰ দৃশ্যগ্ৰহণ চানডুবিৰ জৰাংখুৰিয়া বুলি গাঁও এখনত কৰা হৈছে ।

উল্লেখ্য যে, RKZ films ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাসৰ লগতে প্ৰণামী ভৰালী, সিদ্ধাৰ্থ মুখাৰ্জী, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিতুম বৰ্মন, অমৃতা গগৈ, পুৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়াই আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত কৰিছে পল্লৱ তালুকদাৰে, শব্দ সংমিশ্ৰণ দেৱব্ৰত চলিহাৰ ।

লগতে পঢ়ক :অসমীয়া নাৰীয়ে প্ৰথমবাৰৰ বাবে অভিনয় কৰা ঐতিহাসিক মঞ্চখনৰ বিষয়ে জানেনে ? - DOOM DOOMA ASOMIYA NATYA MANDIR

ABOUT THE AUTHOR

...view details