অসম

assam

দিলজিৎ দোছাঞ্জলৈ অনুৰাগীয়ে প্ৰেৰণ কৰিলে আইনী জাননী - Diljit Dosanjh Dil Luminati tour

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 10:52 AM IST

Diljit Dosanjh Gets Legal Notice: দিল্লীৰ দিলজিৎ দোছাঞ্জৰ এজন অনুৰাগীয়ে দিল লুমিনাটী ট্যুৰ 2024 ৰ টিকটৰ মূল্য হেৰফেৰ কৰাৰ অভিযোগ তুলি তেওঁলৈ আইনী জাননী প্ৰেৰণ কৰিছে । গোটেই বিষয়টো কি জানো আহক-

Diljit Dosanjh's Fan sends legal notice to singer after failing to get Dil-Luminati tour tickets
দিলজিৎ দোছাঞ্জ (IANS)

চিটাৰা ডেস্ক, 18 ছেপ্টেম্বৰ : দিলজিৎ দোছাঞ্জৰ আগন্তুক দিল-লুমিনাটী ট্যুৰ 2024 এ ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে । তেওঁলোকৰ শ্ব’ৰ টিকটৰ মূল্য সন্দৰ্ভত ৰাইজৰ মাজত মতানৈক্য দেখা যায় । শেহতীয়াকৈ এই সন্দৰ্ভত এটা গোচৰ পোহৰলৈ আহিছে য’ত এজন অনুৰাগীয়ে দিলজিতলৈ আইনী জাননী প্ৰেৰণ কৰিছে । টিকটৰ মূল্যত হেতালি খেলা, অন্যায় ব্যৱসায় আৰু শ্ব’ৰ আয়োজকসকলৰ ওপৰত গ্ৰাহকৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰি অনুৰাগীজনে গায়কগৰাকীলৈ এই জাননী প্ৰেৰণ কৰিছে ।

দিলজিতলৈ আইনী জাননী অনুৰাগীৰ

খবৰ অনুসৰি অনুৰাগীজন আইনৰ ছাত্ৰ আৰু তেওঁ দিলজিতে টিকটৰ মূল্যত হেৰফেৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে । তেওঁৰ জাননীত তেওঁ কয় যে 12 ছেপ্টেম্বৰৰ দিনৰ 1 বজাত টিকট বুকিঙৰ সময় ঘোষণা কৰাৰ পিছতো দিনৰ 12.59 বজাত পাছ উপলব্ধ কৰা হৈছিল, যাৰ বাবে শতাধিক অনুৰাগীয়ে এক মিনিটৰ ভিতৰতে টিকট বুকিং কৰিছিল । তেওঁ দাবী কৰে যে তেওঁ বিশেষভাৱে এইচডিএফচি ক্ৰেডিট কাৰ্ড বনাইছিল যাতে তেওঁ আগতীয়াকৈ পাছৰ সুবিধা লাভ কৰিব পাৰে । কিন্তু তেওঁৰ একাউণ্টৰ পৰা ধন কৰ্তন হোৱাৰ পিছতো তেওঁ পাছ লাভ কৰিব নোৱাৰিলে আৰু পিছত সেই ধন তেওঁক ঘূৰাই দিয়া হয় ।

দিল-লুমিনাটী ট্যুৰৰ টিকটৰ মূল্যত হেতালি খেলা

জাননীখনত কোৱা হৈছে - “এই আকস্মিক আৰু সন্দেহজনক লেনদেনৰ হেৰফেৰ আৰু স্কেলিং প্ৰথা, হঠাতে টিকট উপলব্ধ নোহোৱাটোৱে সূচায় যে আপোনাৰ সংগঠনে কৃত্ৰিমভাৱে চাহিদা বৃদ্ধি কৰিছে আৰু মূল্যৰ হেৰফেৰ কৰিছে, যি হৈছে উপভোক্তা সুৰক্ষা আইন, 2019-ৰ অধীনত অনুচিত বাণিজ্য । বৰ্ধিত মূল্যত টিকটবোৰ পুনৰ বিক্ৰী কৰাৰ উদ্দেশ্যৰে স্কেলিং আৰু জমা দিয়াটো গ্ৰাহকৰ অধিকাৰৰ উলংঘন ।”

লগতে পঢ়ক :বৰ্ডাৰ 2 ত সৈনিকৰ ৰূপত গায়ক দিলজিৎ দোছাঞ্জ - Sunny Deol Border 2

ABOUT THE AUTHOR

...view details