চিটাৰা ডেস্ক, 4 ছেপ্টেম্বৰ :তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ দুয়োখন ৰাজ্যতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান পৰিস্থিতি ভয়াৱহ হৈ পৰিছে ৷ এই বিধ্বংসী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, পঞ্চায়তীৰাজ মন্ত্ৰী তথা জনসেনা পাৰ্টিৰ সভাপতি পৱন কল্যাণে এক বৃহৎ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে । তেওঁ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ 1 কোটি টকা আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ 1 কোটি টকা আগবঢ়াইছে । পঞ্চায়তীৰাজ মন্ত্ৰী হোৱাৰ বাবে তেওঁ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ 400 খন পঞ্চায়তলৈ 1 লাখ টকাকৈ (4 কোটি টকা) অনুদান আগবঢ়োৱাৰো সিদ্ধান্ত লয় ।
পৱন কল্যাণে আগবঢ়াইছে 6 কোটি টকা
অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণে ব্যক্তিগতভাৱে দুয়োখন তেলুগু ৰাজ্যলৈ 6 কোটি টকাৰ বিপুল অনুদান আগবঢ়ায় ৷ লগতে নিজৰ আদৰ্শত অটল থাকি তেওঁ অন্ধ্ৰ প্ৰদেশৰ প্ৰতিখন পঞ্চায়ত আৰু প্ৰতিটো ক্ষতিগ্ৰস্ত অঞ্চলত সাহাৰ্যমূলক কামকাজৰ তদাৰক কৰি আছে ৷ ইয়াৰ সমান্তৰালকৈ তেওঁ ৰাজ্যৰ 400 খন পঞ্চায়তলৈ 1 লাখ টকা (4 কোটি টকা) অনুদান আগবঢ়োৱাৰো সিদ্ধান্ত লয় । সমান্তৰালকৈ দুয়োখন ৰাজ্যলৈ এক কোটি টকাকৈ অনুদান আগবঢ়োৱা হৈছে ।