চিটাৰা ডেস্ক, 16 মে’ :বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনে নিজৰ সাফল্যৰ লগত সংযোজন কৰিছে আন এক কৃতিত্ব । ২০২৪ চনৰ মুভাৰ্ছ এণ্ড শ্বেকাৰছ শ্ৰেণীৰ বাবে গ্ল’বেল ডিচৰাপ্টৰ্ছ শাখাত নাম অন্তৰ্ভুক্ত হৈছে দীপিকা পাডুকনৰ । আন্তঃৰাষ্ট্ৰীয় কিংবদন্তি ইভা লংগোৰিয়া, উমা থাৰ্মান আৰু লি ছুং জিনৰ লগতে দীপিকা পাডুকনক মনোৰঞ্জন উদ্যোগলৈ উল্লেখনীয় অৱদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন ডেডলাইনে স্বীকৃতি প্ৰদান কৰিছে ।
এই সন্মানীয় স্বীকৃতিয়ে দীপিকা পাডুকনক প্ৰভাৱশালী ব্যক্তিত্বৰ এটা অভিজাত গোটত স্থান দিয়াইছে, যিয়ে সক্ৰিয়ভাৱে বিশ্বব্যাপী মনোৰঞ্জনৰ দৃশ্যপটক নতুন ৰূপ দি আছে । গ্ল’বেল ডিচৰাপ্টৰ্ছ তালিকাত অন্তৰ্ভুক্ত একমাত্ৰ ভাৰতীয় তাৰকা হিচাপে, দীপিকা পাডুকনে বিশ্ব মঞ্চত অগ্ৰগামী হিচাপে নিজৰ স্থিতি দৃঢ় কৰিছে ৷
এক বিবৃতিত দীপিকা পাডুকনে চলচ্চিত্ৰ জগতৰ স্বৰূপক প্ৰশংসা কৰি কয় যে, ‘অৱশ্যেই এখন ছবিৰ সফলতা গুৰুত্বপূৰ্ণ, কিন্তু মোৰ বাবে ৰাইজৰ সৈতে কটোৱা সময় আৰু ছবিৰ ছেটত মোৰ অভিজ্ঞতা আটাইতকৈ গুৰুত্বপূৰ্ণ । ' দীপিকা পাডুকনৰ দলটোৱেও নিজৰ অফিচিয়েল ৱেবছাইটত এই তথ্য শ্বেয়াৰ কৰিছে ।