চিটাৰা ডেস্ক, 14 অক্টোবৰ :কেন্সাৰৰ সৈতে যুঁজি থকা টিভি অভিনেত্ৰী হিনা খানে শ্বেয়াৰ কৰিছে তেওঁৰ শেষৰডাল থিয় হৈ থকা চকুৰ পতাৰ নোমৰ এখন ফটো । এই ফটোখনৰ সৈতে তেওঁ এটা প্ৰেৰণাদায়ক টোকাও যোগ কৰিছে । হিনাৰ এই পোষ্টটোক লৈ একতা কাপুৰকে ধৰি আন আন টিভি তাৰকাসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
13 অক্টোবৰৰ মাজনিশা হিনা খানে অনুৰাগীৰ আগত নিজৰ চৰিত্ৰৰ এক বিশেষ দিশৰ আভাস দেখুৱালে । তেওঁ ইনষ্টাগ্ৰামত নিজৰ চকুৰ ক্ল’জ আপ ফটো পোষ্ট কৰে । শেহতীয়া পোষ্টটোৰ সৈতে অভিনেত্ৰীগৰাকীয়ে এটা টোকা সংলগ্ন কৰে, য’ত তেওঁ চকুৰ পতাৰ নোমকেইডালক ‘সাহসী, অকলশৰীয়া যোদ্ধা’ আৰু তেওঁৰ ‘প্ৰেৰণা’ বুলি অভিহিত কৰে ।
হিনা খানে নিজৰ টোকাত লিখিছে, “মোৰ প্ৰেৰণাৰ বৰ্তমানৰ উৎস কি জানিব বিচাৰে নেকি ? ই এসময়ত মোৰ সুদৃঢ় আৰু ধুনীয়া অৱয়বৰ অংশ আছিল, যিয়ে মোৰ চকু দুটাৰ সৌন্দৰ্য বঢ়াইছিল । মোৰ জেনেটিক দীঘল আৰু ধুনীয়া লেশ্ববোৰ । মোৰ এই সাহসী, অকলশৰীয়া, যোদ্ধা মোৰ চকুৰ নোমকেইডালে মোৰ লগত যুঁজিছে । মোৰ কেম’ৰ শেষৰ ছেছনটো কাষ চাপি অহাৰ লগে লগে চকুৰ এই এডাল নোম মোৰ প্ৰেৰণা হৈ পৰিছে । আমি সকলোবোৰ দেখা পাম । হয় ইনশ্বাল্লাহে বিচাৰিলে আমি দেখা পাম । পি.এছ. - এদশক ধৰি মিছা আইলেশ্ব পিন্ধা নাই, আচলতে ইয়াতকৈ বেছি সময়েই পিন্ধা নাই, কিন্তু এতিয়া মোৰ শ্বুটৰ বাবে পিন্ধিছো । একো নহয়.. সকলো ঠিকেই হ’ব ।”